অসম

নিকৃষ্ট কাণ্ডঃ দুস্কৃতিকাৰীয়ে বিহ খুৱাই নিধন কৰিলে হাজাৰ হাজাৰ শৰালি হাঁহ…

মানুহৰূপী দানৱৰ নিকৃষ্ট কাণ্ড।

বিহ খুৱাই নিধন কৰিলে হাজাৰ হাজাৰ শৰালি হাঁহ।

দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া নপমুৱা-শ’লমাৰীৰ বিলত হাজাৰ হাজাৰ পৰিভ্ৰমী শৰালি হাঁহ নিধন কৰিছে দুস্কৃতিকাৰীয়ে।

খাদ্যত বিহ দি নিতৌ হত্যা কৰা হৈছে বৃহৎ সংখ্যক শৰালি হাঁহ।

স্থানীয় সচেতন যুৱকসকলে পুৱাই উদ্ধাৰ কৰিছে বৃহৎ সংখ্যক মৃত শৰালী হাঁহ।

দেৰগাঁও বন বিভাগক অনতি পলমে এই পক্ষী হত্যাকাৰীসকলক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, শীতকালৰ আগমনৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া জলাশয়সমূহলৈ আগমন হয় বিভিন্ন পৰিভ্ৰমী চৰাইৰ।

কিন্তু এই পৰিভ্ৰমী চৰাইৰ ধ্বংসযজ্ঞ চলিছে এতিয়া দেৰগাঁৱত।

Leave a Reply

Your email address will not be published. Required fields are marked *