নামঘৰৰ মজিয়াত সেৱা লোৱাৰ সময়তে হঠাৎ ঢলি পৰিল নগেন হাজৰিকা, মৃত্যু

নিউজ ডেস্ক। ভগৱন্তৰ নামত গোটেই দিনটো ব্যস্ত থকাৰ পিছত নামঘৰৰ মজিয়াতে আকস্মিকভাৱে ঢলি পৰি শেষ নিশ্বাস ত্যাগ কৰিছে এজন ব্যক্তিয়ে।

ছিপাঝাৰৰ স্থানীয় নামঘৰৰ ভাগৱত পাঠ অনুষ্ঠানৰ গুৰু দায়িত্ব পালন কৰি পুৱাৰে পৰা ব্যস্ত হৈ থকা নগেন হাজৰিকাৰ নামঘৰৰ মজিয়াতে ঘটা আকস্মিক মৃত্যত গভীৰ শোকৰ সৃষ্টি হৈছে।

p2
নামঘৰৰ মজিয়াত সেৱা লোৱাৰ সময়তে হঠাৎ ঢলি পৰিল নগেন হাজৰিকা, মৃত্যু 6

জানিব পৰা মতে, ছিপাঝাৰৰ দক্ষিণ চুবুৰী নিবাসী কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নগেন হাজৰিকা (৬৩) দেওবাৰে পুৱাৰে পৰা ব্যস্ত আছিল স্থানীয় নামঘৰৰ ভাগৱত পাঠ অনুষ্ঠানত।

ভাগৱত শোভাযাত্ৰা উদ্বোধনৰো দায়িত্বত থকা অঞ্চলটো বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে বিয়লি নামঘৰৰ ভিতৰত সেৱা কৰি উঠিবলৈ লওতেই হঠাৎ ঢলি পৰে।

1 3 edited
নামঘৰৰ মজিয়াত সেৱা লোৱাৰ সময়তে হঠাৎ ঢলি পৰিল নগেন হাজৰিকা, মৃত্যু 7

দক্ষিণ চুবুৰী অঞ্চলৰ লগতে সমগ্ৰ ছিপাঝাৰৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওতোপ্ৰতঃভাৱে জড়িত হৈ অহা নগেন হাজৰিকা এনেদৰে নামঘৰৰ ভিতৰত ঢলি পৰাত সকলোৰে মাজত হুৱাদুৱা লাগে।

লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে নগেন হাজৰিকাক।

3 edited
নামঘৰৰ মজিয়াত সেৱা লোৱাৰ সময়তে হঠাৎ ঢলি পৰিল নগেন হাজৰিকা, মৃত্যু 8

মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক ইহ জগতত এৰি যায় নগেন হাজৰিকাই।

ছিপাঝাৰ সাহিত্য সভা, দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ, ছিপাঝাৰ ৰঙালী বিহু সন্মিলন, জ্ঞান মালিনী সংঘৰ দৰে সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও হাজৰিকা আছিল ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় কৰ্মী।

বিজেপিৰ স্থানীয় বুথ কমিটীৰ সভাপতি হিচাপেও দায়িত্ব নিৰ্বাহ কৰিছিল তেওঁ। ইয়াৰোপৰি অভিনয় ক্ষেত্ৰখনতো আছিল তেওঁৰ অনন্য দখল।

9 2
নামঘৰৰ মজিয়াত সেৱা লোৱাৰ সময়তে হঠাৎ ঢলি পৰিল নগেন হাজৰিকা, মৃত্যু 9

নগেন হাজৰিকাৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে তেওঁ জড়িত থকা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহক। তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে দেওবাৰে অসংখ্য লোকৰ সমাগম ঘটে হাজৰিকাৰ বাসগৃহলৈ। ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীও হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

ইয়াৰ পিছতে নগেন হাজৰিকাৰ নশ্বৰ দেহ বাৰঘৰীয়া নামঘৰ, জ্ঞানমালিনী পুথিভঁৰাল, ঘোঁৰাবান্ধা শিৱ মন্দিৰ, ছিপাঝাৰ সাহিত্য সভাৰ কার্যালয়, ছিপাঝাৰ মিলন সংঘ, ভাৰতীয় জনতা পাৰ্টীৰ ছিপাঝাৰ মণ্ডল সমিতিৰ কাৰ্যালয় আদি ঠাইলৈ নিয়া হয় আৰু অগণন লোকে হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনায়।

তাৰ পিছতে দক্ষিণ চুবুৰীৰ নিজা গৃহৰ সমীপতে সম্পন্ন কৰা হয় অন্তিম সৎকাৰ।

লগতে চাওকঃ

বহিঃৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ প্ৰেমিকৰ মৃত্যু, চাৰি দিন পিছতেই প্ৰমিকাই ল’লে ভয়ংকৰ সিদ্ধান্ত…

image 2022 04 01 164025
নামঘৰৰ মজিয়াত সেৱা লোৱাৰ সময়তে হঠাৎ ঢলি পৰিল নগেন হাজৰিকা, মৃত্যু 10

Leave a Comment