অসমঅসমীয়া

নাচ-গান কৰিবলৈ, দিল্লীত জনপ্ৰিয়তা বঢ়াবলৈ হিন্দী শিকাৰ প্ৰয়োজন নাইঃ পৰেশ বৰুৱা

নিউজ ডেস্ক। ‘অসমত হিন্দী ভাষা বাধ্যতামূলক কৰিব বিচাৰিলে আলফা স্বাধীন মনে মনে শুই নাথাকে।’

-এই মন্তব্য আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।

এটা স্থানীয় বৈদ্যুতিন মাধ্যমত দিয়া আছুতীয়া সাক্ষাৎকাৰত হিন্দী ভাষা বাধ্যতামূলক কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীয়ে।

G3 18

বিদ্যালয়ত হিন্দী ভাষা কিয় লাগে বুলি মন্তব্য কৰি পৰেশ বৰুৱাই কয় যে অসমীয়া, স্থানীয় উপভাষা, ইংৰাজী বিদ্যালয়ত শিকিব লাগেই। তাৰ উপৰিও জোৰ কৰি হিন্দী ভাষা কিয় জাপি দিব লাগে বুলিও তেওঁ প্ৰশ্ন কৰে।

সাংস্কৃতিক আগ্ৰাসনে অসমীয়াক ডিঙিলৈকে পুতিছে বুলি মন্তব্য কৰে সেনাধ্যক্ষ পৰেশ বৰুৱাই।

লগতে তেওঁ প্ৰশ্ন কৰে যে হিন্দী বলয় নমাই আনিব বিচাৰি মোগলে কৰিব নোৱাৰা কামৰ প্ৰতিশোধ ল’ব বিচাৰিছে নেকি বিজেপি চৰকাৰে? যদি তেনে হয়, তেন্তে আলফা কেতিয়াও মনে মনে নাথাকে বুলিও সকীয়নী প্ৰদান কৰে পৰেশ বৰুৱাই।

পৰেশ বৰুৱাই কয়, ‘হিন্দী ভাষা কিয় লাগে? নাচ-গান কৰিবলৈ, দিল্লীত জনপ্ৰিয়তা বঢ়াবলৈ হিন্দী ভাষা আমাক প্ৰয়োজন নাই। বাহিৰলৈ গ’লে আমাৰ ল’ৰাই এনেয়েই হিন্দী শিকিব পাৰে। তাক বাধ্যতামূলক কৰি শিকোৱাৰ কি প্ৰয়োজন?’

হিন্দী ভাষাৰ বাবে অসম ৰক্তাক্ত হ’ব বুলিও আশংকা ব্যক্ত কৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *