কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছে জিগনেছ মেৱানীকঃ অখিল গগৈ

গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জিগনেছ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বিধায়ক মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাবে চৰকাৰক তীব্ৰ সমলোচনা কৰিছে বিৰোধীয়ে।

বিধায়ক জিগনেছ মেৱানীক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে।

অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰিবলৈ জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰিছে বুলি দাবী অখিল গগৈৰ।

অখিল গগৈয়ে কয়- জিগনেছ মেৱানীৰ নিচিনা এজন বিধায়কক এটা টুইটাৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰাৰ কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। এইয়া হ’ল অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰাৰ এটা প্ৰচেষ্টা।

এই প্ৰচেষ্টাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটোক অসম চৰকাৰে অপমান কৰিছে। অসম চৰকাৰৰ এই কাৰ্যক আমি গৰিহণা দিয়াই নহয় এই কাৰ্য্যৰ পৰা আঁতৰি আহিবলৈও দাবী জনাইছোঁ বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

লগতে এই কাৰ্যৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমা বিচাৰিব লাগে আৰু ক্ষমা বিচাৰি জিগনেছ মেৱানীক মুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে বিধায়ক অখিল গগৈয়ে।

উল্লেখ্য যে, বিধায়ক জিগনেছ মেৱানীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত বুধবাৰে নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ আনে।

Leave a Comment