ৰাষ্ট্ৰীয়অসমীয়া

নতুনকৈ ক্ৰয় কৰা বুলেট বাইক লৈ পূজাৰ বাবে মন্দিৰলৈ যোৱাৰ সময়তে সংঘটিত হ’ল বিস্ফোৰণ

নিউজ ডেস্ক। নতুনকৈ কিনি পূজা-অৰ্চনাৰ বাবে মন্দিৰলৈ গৈ থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণ ঘটিল বুলেট বাইকত।

এই ঘটনাৰ ফটো আৰু ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

তথ্য অনুসৰি, কৰ্ণাটকৰ মহীশূৰৰ নিৱাসী ৰবিচন্দ্ৰনে নতুনকৈ ক্ৰয় কৰা বুলেট বাইক খনৰ বাবে পূজা কৰিবলৈ অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰম জিলাৰ প্ৰসিদ্ধ কাচাপুৰম অঞ্জনেয়া স্বামী মন্দিৰলৈ গৈছিল।

G2 3

কিন্তু মন্দিৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে নতুন বাইকখনত জুইৰ সূত্ৰপাত হয় আৰু প্ৰচণ্ড বিস্ফোৰণ ঘটে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোত প্ৰত্যক্ষ কৰা মতে, বুলেট বাইকখনত প্ৰথম জুইৰ সূত্ৰপাত ঘটে, তাৰ পিছত প্ৰচণ্ড বিস্ফোৰণে অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।

অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে।

আৰক্ষীয়ে সদৰী কৰা মতে, ৰবিচন্দ্ৰনে প্ৰায় ২৮৩ কিলোমিটাৰ পথ নতুন বুলেটখন চলাই মন্দিৰলৈ অহাৰ পৰিপ্ৰেক্ষিততে বুলেটখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হয়।

লগতে চাওকঃ

নিজৰ জীৱন বিসৰ্জন দি ৩৮ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে বাছ চালক নন্দ কিশোৰে

G1 6

Leave a Reply

Your email address will not be published. Required fields are marked *