নগাঁও গুলিচালনা কাণ্ডৰ প্ৰতিবেদন দাখিল, তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ SI প্ৰদীপ বণিয়াক

নিউজ ডেস্ক। নগাঁও গুলিচালনা কাণ্ডৰ প্ৰতিবেদন দাখিল। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ এজনীয়া সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতে স্পষ্ট হৈ পৰিছে নগাঁও আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ প্ৰকৃত সত্য।

ৰাজ্য চৰকাৰক মঙ্গলবাৰে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ কথা।

ইফালে এজনীয়া তদন্ত সমিতিৰ প্ৰতিবেদন দাখিলৰ পিছতে ৰাজ্যৰ গৃহ বিভাগে গুলিচালনা ঘটনাৰ সৈতে জড়িত এন্টি নাৰকটিক স্কোৱাডৰ উপ পৰিদৰ্শক প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে।

আনহাতে তদন্ত সমিতিৰ প্ৰতিবেদনত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এন্টি নাৰকটিকছ স্কোৱাড ভংগ কৰাৰো নিৰ্দেশ দিয়া হৈছে।

তদুপৰি এন্টি নাৰকটিকছ স্কোৱাডৰ আন সদস্য সকলক অইন জিলালৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে প্ৰতিবেদনত। প্ৰতিজন সদস্যৰ ওপৰত উচ্চ পদস্থ বিষয়াৰ দ্বাৰা বিভাগীয় তদন্ত কৰা হব।

ইয়াৰ উপৰিও কীৰ্তিকমল বৰাৰ পিতৃ আৰু এছআই প্ৰদীপ বনিয়াই দাখিল কৰা গোচৰ চিআইডিক হস্তান্তৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে এই গুলিচালনা কাণ্ড সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰা লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও চৰকাৰক দাখিল কৰা প্ৰতিবেদনত নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, যোৱা ২২ জানুৱাৰীত নিজৰ ঘৰৰ সমীপতে নগাঁও আৰক্ষীৰ এন্টি নাৰকটিক স্কোৱাডে গুলিবিদ্ধ কৰিছিল ছাত্ৰ নেতা কীৰ্তিকমল বৰাক।

এই ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে চৰকাৰে ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এজনীয়া তদন্ত সমিতি গঠন কৰি দিছিল।

এই তদন্ত সমিতিয়ে ২৮ জানুৱাৰীত নগাঁৱৰ আৱৰ্ত ভৱনত সাক্ষ্য গ্ৰহণ কৰাৰ পিছতে মঙ্গলবাৰে ৰাজ্য চৰকাৰৰ ওচৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বিষয়েও উল্লেখ কৰা হৈছে।

Leave a Comment