অসম

আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোৱা চাৰিজন যুৱকক আটক…

পুনৰ আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোৱা চাৰিজন যুৱকক আটক।

তিনিচুকীয়াৰ পৰাই ভাৰতীয় সেনাই আটক কৰে যুৱক চাৰিজনক।

নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ভাৰতীয় সেনাৰ এটা দলে অভিযান চলাই মাকুমৰ পৰা আটক কৰে চাৰিওজন যুৱকক।

আটকাধীন যুৱক কেইজন গুইজান নতুন গাঁৱৰ ক্ৰমে নন্দেশ্বৰ গগৈ, থমাছ বৰগোহাঁই, খনজিৎ গোঁহাই আৰু হিৰণ্য ঘৰফলীয়া।

ইতিমধ্যে চাৰিওজন যুৱকক সেনাই মাকুম আৰক্ষী থানাত চমজাই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *