‘এতিয়া শিয়ালৰ দিন‘! নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ বিধায়ক মৃণাল শইকীয়াৰ…

নিজ দলৰ চৰকাৰৰ বিৰুদ্ধেই বিষোদগাৰ কৰি বিধায়ক মৃণাল শইকীয়াৰ বিস্ফোৰক টুইট।

লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।

বিভাগটোৰ কাম পুঁজিপতি গোষ্ঠীক গতোৱাৰ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰে বিধায়কজনে।

তেওঁ টুইটত লিখিছে- ‘এতিয়া শিয়ালৰ দিন‘।

একাংশ আঁচনি পুঁজিপতি গোষ্ঠীয়ে লাভ কৰাৰ তথ্যও ৰাজহুৱা কৰিলে টুইটাৰত।

চৰকাৰৰ এনে সিদ্ধান্তই থলুৱা ঠিকাদাৰসকলক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা ব্যক্ত।