ধুমুহাত মৃত্যু ঘটা লোকৰ পৰিয়াললৈ ৪ লাখ টকা, কেঁচা ঘৰৰ বাবে ৯৫ হাজাৰ টকা ক্ষতিপূৰণ ঘোষণা ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক। বহাগৰ বৰদৈচিলাই তচনচ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত।

প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত ৰাজ্যৰ ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন হৈছে। বহু পৰিয়াল গৃহহীন হৈ পৰিছে এই সময়ত। পোখা মেলা খেতিপথাৰত হৈ পৰিছে বিনষ্ট।

ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহনে প্ৰকাশ কৰা মতে, ৰাজ্যত এতিয়ালৈকে ২২জন লোকৰ ধুমুহাৰ ফলত মৃত্যু ঘটিছে। আনহাতে বজ্ৰপাতে প্ৰাণ লৈছে দুজনৰ।

vlcsnap 2022 04 15 21h42m22s382
ধুমুহাত মৃত্যু ঘটা লোকৰ পৰিয়াললৈ ৪ লাখ টকা, কেঁচা ঘৰৰ বাবে ৯৫ হাজাৰ টকা ক্ষতিপূৰণ ঘোষণা ৰাজ্য চৰকাৰৰ 2

ধুমুহা আৰু বজ্ৰপাতৰ ফলত মৃত্যু ঘটা লোকৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ পৰা ৪ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে মন্ত্ৰী যোগেন মোহনে।

আনহাতে ধুমুহাৰ ফলত ক্ষতিসাধন হোৱা কেঁচা ঘৰৰ বাবে ৯৫ হাজাৰ টকা, ক্ষতিসাধন হোৱা পকী ঘৰৰ বাবে ১ লাখ ১ হাজাৰ টকা প্ৰদানৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

তদুপৰি ধুমুহাৰ ফলত ক্ষতিসাধন হোৱা বিদ্যালয়ক ডেৰ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মোহনে।

Leave a Comment