ধন আত্মসাতৰ অভিযোগত প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ…

ধন আত্মসাতৰ অভিযোগত প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ।

নগাঁৱৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাক।

গোলাপ চন্দ্ৰ বৰা চামগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল।

বৰ্তমান বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্বত থকা প্ৰনৱ জ্যোতি গোস্বামীয়ে ২০২১ বৰ্ষতে দাখিল কৰা এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰাক।

চামগুৰি থানাত ৰুজু হোৱা ১৭৮ /২০২১ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে গোলাপ বৰাক ৷

গোলাপ চন্দ্ৰ বৰাক চামগুৰি থানাৰ আৰক্ষীৰ দল এটাই বিয়লি ভাগত সোধপোচৰ বাবে প্ৰথমে আটক কৰি নিশালৈ গ্ৰেপ্তাৰ কৰা বুলি চামগুৰি থানাই সদৰি কৰে।

উল্লেখ্য যে, গোলাপ চন্দ্ৰ বৰাই ৪ লাখৰো অধিক টকা বিত্তীয় খেলি-মেলি কৰাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল বৰ্তমান বিদ্যালয় খনৰ অধ্যক্ষৰ দায়িত্বত থকা প্ৰনৱ জ্যোতি গোস্বামীয়ে।

শেহতীয়াকৈ অধ্যক্ষ গোস্বামীৰ নেতৃত্বত বিদ্যালয় পৰিচালনা সমিতিয়ে এক সংবাদমেল আয়োজন কৰি বিত্তীয় খেলি-মেলিৰ অভিযোগ আনিছিল আৰু আৰক্ষীক এজাহাৰ দাখিল কৰা বুলি জনাইছিল।

এই সংবাদমেলৰ পিছতে চামগুৰি আৰক্ষীয়ে শণিবাৰে গোলাপ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ কৰে।

অৱশ্যে অৱসৰ গ্ৰহণৰ প্ৰায় ৫ বছৰৰ পিছত বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।