ধনৰ বিনিময়ত অভিযুক্তক সকাহ! বছৰৰ আৰম্ভণিতে হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্টবল নিৰন ধৰ পাৱ…

নিউজ ডেস্কঃ বছৰৰ আৰম্ভণিতে পুনৰ গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল।

এইবাৰ ধনৰ বিনিয়মত অভিযুক্তক সকাহ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কনিষ্টবল।

দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ধেমাজি জিলাৰ বৰদলনি আৰক্ষী থানাৰ কনিষ্টবলজনক।

ধৃত কনিষ্টবলজনৰ নাম নিৰন ধৰ পাৱে।

টুইটযোগে এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।