দ্ৰুতবেগী ই-বাছে মহতিয়াই লৈ গ’ল পথচাৰীক, নিহত ৬ জন, আহত ডজনৰো অধিক

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ কানপুৰত দেওবাৰে নিশা সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱায়।

এখন দ্ৰুতবেগী ইলেক্ট্ৰিক বাছে চহৰখনৰ বাবুপুৰৱা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত তাতমিল চাৰিআলিৰ ওচৰত কেইবাজনো লোকক মহতিয়াই নিয়ে।

এই ঘটনাত ৬জন লোক নিহত হয়। ভয়ংকৰ পথ দুৰ্ঘটনাটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।

11-1643574119

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশাসনক আহতসকলক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “কানপুৰত সংঘটিত পথ দুৰ্ঘটনাত লোকসকলৰ মৃত্যু অত্যন্ত দুখজনক। ভগৱানে বিদেহী আত্মাসকলক তেওঁৰ শ্ৰী চৰণত স্থান দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালক এই অত্যাধিক কষ্ট সহ্য কৰাৰ শক্তি দিয়ক। আহতসকলক সকলো সম্ভৱ চিকিৎসা সহায় আগবঢ়াবলৈ প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে।”

11-1643574757

জানিব পৰা মতে, দ্ৰুতবেগী অনিয়ন্ত্ৰিত বৈদ্যুতিক বাছখনে ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱা বহুতো পথচাৰীক মহতিয়াই লৈ যায়। তাৰ পিছত, অনিয়ন্ত্ৰিত ই-বাছখনে ট্ৰেফিক পইণ্ট ভাঙি এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

খবৰ অনুসৰি বাছখনৰ চকাত পিষ্ট হৈ ৬ জন লোক নিহত হয় আৰু এক ডজনৰো অধিক লোক আহত হয়। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে আটাইকেইজন আহতক ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে।

FKa-IXv-Sa-UAYK-GZ

আৰক্ষী উপায়ুক্ত (পূব)য়ে কয়, “ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু এম্বুলেন্স সেৱা তৎক্ষণাৎ প্ৰেৰণ কৰা হয়। মৃত্যুৰ সংখ্যা ৫ ৰ পৰা ৬ হ’ব পাৰে। বাছ চালকজনক বিচাৰি থকা হৈছে। ঘটনাটোত তিনিখন গাড়ী আৰু কেইবাখনো বাইক ক্ষতিগ্ৰস্ত হৈছে। ওচৰত বাস কৰা লোকসকলেও আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক চিকিৎসা কৰা হৈছে। বাকী আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।”

এই ঘটনাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শোক প্ৰকাশ কৰি কয়, “কানপুৰত বাছ দুৰ্ঘটনাত বহুলোক হতাহত হোৱাৰ খবৰ পাই গভীৰ ভাৱে দুখিত। এই ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালবোৰলৈ মোৰ গভীৰ সমবেদনা। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

ইফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি লিখিছে, “কানপুৰৰ পথ দুৰ্ঘটনা অতি দুখজনক। মৃতকৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জনাইছোঁ। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে আঘাতপ্ৰাপ্তসকলে সোনকালেই আৰোগ্য লাভ কৰক।”

লগতে চাওকঃ

চকুৰ সন্মুখতে নৈৰ বুকুত অদৃশ্য হৈ পৰিল এখন যাত্ৰীভৰ্তি নাও, এতিয়াও সন্ধানহীন দুই শিশু

G4

Leave a Comment