দ্বিতীয় কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ…

নিউজ ডেস্কঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কনৰাড চাংমাৰ।

মঙলবাৰে ৰাজধানী শ্বিলঙত অনুষ্ঠিত শপত গ্ৰহণ সমাৰোহত মুখ্যমন্ত্ৰী কনৰাড চাংমাক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপালে।

ইফালে এনপিপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ উপ-মুখ্যমন্ত্ৰীৰূপে প্ৰেষ্টন টাইনছং আৰু স্নিয়াৱভালাং ধৰেও শপতগ্ৰহণ কৰে।

এন পি পি নেতৃত্বাধীন নতুন মেঘালয় প্ৰশাসনত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আবু তাহেৰ মণ্ডল, কিৰমেন শ্বিলা, মাৰ্কুইজ এন মাৰাক আৰু ৰাক্কাম এ চাংমাই।

এন পি পি নেতৃত্বাধীন নৱগঠিত মেঘালয় চৰকাৰৰ মন্ত্ৰী হিচাপে ড° আম্পাৰিন লিংডো, কমিংগন ইম্বন, পল লিংডো, আৰু আলেকজেণ্ডাৰ লালু হেকেও শপত গ্ৰহণ কৰে।

মেঘালয় মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা।

উল্লেখ্য যে, যোৱা ২ মাৰ্চত ঘোষণা হোৱা মেঘালয় বিধানসভাৰ নিৰ্বাচনী ফলাফলত কনৰাড চাংমাৰ নেতৃত্বাধীন এনপিপি দলে ২৬ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে চাংমাই বিজেপি, ইউডিপি, এইচএছপিডিপিৰ সমৰ্থনত মেজিক নম্বৰ অতিক্ৰম কৰি চৰকাৰ গঠন কৰে।