দেশৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে অৱসৰপ্ৰাপ্ত IAS বিষয়া অৰুণ গোৱেলৰ দায়িত্বভাৰ গ্ৰহণ।
সোমবাৰে ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে গোৱেলে।
১৯৮৫ চনৰ বেটচৰ পঞ্জাৱ কেডাৰৰ এজন প্ৰাক্তন আই.এ.এছ বিষয়া অৰুণ গোৱেলক শনিবাৰে নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।
ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মূৱে গোৱেলক নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা আইন আৰু ন্যায় বিষয়ে জাননীৰ জৰিয়তে প্ৰকাশ কৰিছিল।
উল্লেখ্য যে অৰুণ গোৱেলে শুকুৰবাৰে হেভি ইণ্ডাষ্ট্ৰিজৰ সচিব পদৰ পৰা স্বেচ্ছামূলক অৱসৰ লয়।









