অসম

দুৰ্বৃত্তৰ গুলীত নিহত মহানগৰীৰ ব্যৱসায়ী, আৰক্ষীৰ তদন্ত অব্যাহত…

গুৱাহাটীৰ ছাত্ৰীবাৰীত ব্যৱসায়ীলৈ গুলীচালনা।

দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী আদেশ যাদৱ।

নিশাই চিকিত্সালয়ত মৃত্যু গুলীবিদ্ধ ব্যৱসায়ী আদেশ যাদৱৰ।

সোমবাৰে নিশা প্ৰায় ৯ বজাত নিজ বাসগৃহৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল গুৱাহাটী ছাত্ৰীবাৰীৰ ব্যৱসায়ী আদেশ যাদৱক।

তাৰ পাছত স্থানীয় লোকে মোৰাৱাৰী মেটাৰনীতি হাস্পাতলত ভৰ্তি কৰাইছিল যদিও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আদেশ যাদৱ নামৰ কাপোৰৰ ব্যৱসায়ীজনে।

অৱশ্যে এই হত্যাকাণ্ড সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই

সোমবাৰে নিশাই ঘটনাস্থলীৰ পৰা কিছু দূৰত এটা মোবাইল ফোন আৰু এখন বাজাজ পালছাৰ-১৫০ মডেলৰ মটৰ চাইকেল জব্দ কৰে।

জানিব পৰা মতে বাইকখনৰ গৰাকীৰ নাম মহম্মদ আব্বাচ আলী।পিতৃৰ নাম মহম্মদ মজিবুৰ ৰহমান। আৰু এই বাইকখন দৰং জিলাত পঞ্জিয়ন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *