অসম

উন্নয়ন নহয়, এনকাউন্টাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত তৃতীয় স্থানত অসমঃ সাংসদ অজিত ভূঞা…

অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী।

ৰাজ্যত প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে এনকাউণ্টাৰৰ ঘটনা।

শেহতীয়াভাৱে ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই।

তেওঁ কয়-‘এনকাউন্টাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰত তৃতীয় স্থানত আছে অসম।’

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি সাংসদ অজিত ভূঞাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কৈছিল যে অসমক দেশৰ ভিতৰতে তিনি নম্বৰ স্থানত আনিব, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে শৰ্মাই।

সাংসদ গৰাকীয়ে কয় যে, ‘তেওঁ কৈছিল যে উন্নয়নৰ ৰাজ্য সমূহৰ ভিতৰত অসমক ৩ নম্বৰত আনিম। কিন্তু একো উন্নয়ন নাই, সকলো শূণ্য। কেৱল কথাৰ ফুলজাৰি।’

‘মানুহে যাতে সকলো সমস্যাৰ কথা পাহৰি যায় সেইবাবে তেওঁ কিছুমান অদ্ভূত ধৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে দেশৰ এনকাউন্টাৰ প্ৰৱণ ৰাজ্য সমূহৰ ভিতৰত অসমক ৩ নম্বৰ স্থানত আনিবলৈ সক্ষম হৈছে।’- মন্তব্য-অজিত কুমাৰ ভূঞা

মুখ্যমন্ত্ৰীয়ে আইনৰ উৰ্দ্ধলৈ গৈ সন্দেহৰ ভিত্তিত কোনো লোকক গুলী কৰাৰ লাইচেঞ্চ দিয়াটো কিমান ভয়ানক হ’ব পাৰে সেয়া জনতাই বুজি পাইছে বুলি কয় সাংসদ গৰাকীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *