অসমীয়াৰাষ্ট্ৰীয়

দুৰ্ঘটনাত বন্ধুৰ মৃত্যুৱে সলনি কৰি পেলাইছিল জীৱনৰ লক্ষ্য! জানক ‘হেলমেট মানৱ’ ৰাঘৱেন্দ্ৰ কুমাৰৰ প্ৰেৰণাদায়ক কাহিনী…

নিউজ ডেস্কঃ ভাৰতত প্ৰতিদিনেই সংঘটিত দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ অনেক যুৱকৰ।

এই দুৰ্ঘটনাত কোনো মাতৃয়ে যদি হেৰুৱাই সন্তানক, কাৰোবাৰ আকৌ শিৰৰ সেন্দূৰকণ চিৰদিনৰ বাবে কাঢ়ি লৈ যায় দুৰ্ঘটনাই।

ভাৰতত সংঘটিত দুচকীয়া পথ দুৰ্ঘটনাৰ অৰ্ধেক ভাগতে আৰোহীৰ মৃত্যুৰ কাৰণ বিনা হেলমেটেৰে বাহন চলোৱাটো।

image 63

এনে এক পথ দুৰ্ঘটনাতেই ৯ বছৰ পূৰ্বে নিজৰ আটাইতকৈ প্ৰিয় বন্ধুজনক হেৰুৱাইছিল ৰাঘৱেন্দ্ৰ কুমাৰ নামৰ বিহাৰৰ যুৱকজনে।

নয়ডাত একেলগে একেটা ভাড়াঘৰত বাস কৰিছিল ৰাঘবেন্দ্ৰ আৰু কৃষ্ণাই। ৰাঘৱেন্দ্ৰৰ ঘৰ বিহাৰৰ কেমুৰত আৰু কৃষ্ণাৰ ঘৰ মধুবনীত।

২০১৪ চনৰ ২৪ এপ্ৰিলত বাইকেৰে আত্মীয়ৰ ঘৰলৈ গৈ থকা সময়তে যমুনা এক্সপ্ৰেছৱে’ত পিছফালৰ পৰা এখন টেংকাৰে কৃষ্ণাৰ বাইকত খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় যুৱকজন।

image 62

বহু সময় ধৰি পথৰ ওপৰতে ৰক্তাক্ত হৈ পৰি থকাৰ পিছত কোনোবা এজনে তেওঁক ভৰ্তি কৰোৱায় হাস্পতালত।

মূৰত গুৰুতৰভাৱে আঘাত পোৱা কৃষ্ণাক জীয়াই তুলিবলৈ সকলো চেষ্টা চলায় তেওঁৰ পিতৃ-মাতৃ আৰু বন্ধুৱে।

৭ দিন হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থাকে কৃষ্ণা। ব্যয় হয় ২০ লাখৰো অধিক টকা।

কিন্তু সকলো প্ৰচেষ্টাইও জীয়াই তুলিব নোৱাৰিলে ঘনিষ্ঠ বন্ধুজনক। অষ্টমদিনা হাস্পতালতে মৃত্যু ঘটে কৃষ্ণাৰ।

image 61

দুৰ্ঘটনাৰ সময়ত হেলমেট পৰিধান কৰা নাছিল কৃষ্ণাই। যাৰ বাবেই মূৰত আঘাত পাই অকালতে গুচি যাবলগীয়া হয় চফল যুৱকজনে।

পিতৃ-মাতৃৰ একমাত্ৰ সন্তান কৃষ্ণাৰ মৃত্যুৱে যেন দিনতেই এন্ধাৰ নমাই আনিছিল ঘৰখনলৈ। কান্দি কান্দি অচেতন হৈ পৰিছিল মাতৃ।

image 60

মাতৃয়ে বাৰে বাৰে কেৱল এটা কথাই কৈছিল- তাক হেলমেট দিয়া হ’লে সি আজি বাচি থাকিলহেঁতেন।

কৃষ্ণাৰ মৃত্যুৱে বাৰুকৈয়ে আঘাত দিছিল বন্ধু ৰাঘৱেন্দ্ৰ কুমাৰকো। বহু দিনলৈকে তেওঁৱো কেৱল কান্দিছিল আৰু কান্দিছিল।

image 59

আৰু অৱশেষত এটা সিদ্ধান্ত লৈছিল ৰাঘৱেন্দ্ৰই। যাৰ বাবে আজি তেওঁক ‘দ্য হেলমেট মেন অৱ ইণ্ডিয়া’ বুলি অভিহিত কৰে সকলোৱে।

একমাত্ৰ পুত্ৰক হেৰুৱাই ভাগি পৰা কৃষ্ণাৰ পিতৃ-মাতৃৰ দৰে আন কোনোৱেই যাতে আঘাত নাপায় তাৰ বাবে ৰাঘৱেন্দ্ৰ কুমাৰে গ্ৰহণ কৰে এক পদক্ষেপ।

image 58

সঞ্চিত ১ লাখ ৪০ হাজাৰ টকাৰে তেওঁ প্ৰথমে হেলমেট ক্ৰয় কৰি পথৰ দাঁতিত হেলমেট পৰিধান নকৰা আৰোহীৰ মাজত হেলমেট বিলাবলৈ আৰম্ভ কৰে।

প্ৰতি দিনেই তেওঁ বিহাৰত এনেদৰে বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰিবলৈ লোৱাত লাহে লাহে তেওঁক লৈ চৰ্চা আৰম্ভ হ’বলৈ ধৰে।

image 57

ৰাঘৱেন্দ্ৰ কুমাৰে কেৱল পথৰ দাঁতিতে নহয়, পাৰ্ক, বজাৰ আদিতো লাহে লাহে বাইক আৰোহীৰ মাজত হেলমেট বিতৰণ কৰিবলৈ আৰম্ভ কৰে।

লকডাউনৰ সময়ত তেওঁ নিজৰ ঘৰ বিক্ৰী কৰি আৰু পত্নীৰ সোণৰ গহনা বন্ধকীত ৰাখি ২ ট্ৰাক হেলমেট ক্ৰয় কৰি বাৰানসী আৰু নয়ডাত বিতৰণ কৰে।

image 55

সমান্তৰালভাৱে কোভিড ভেকচিনৰ ওপৰত সতৰ্কতা সৃষ্টি কৰিবলৈ ‘ভেকচিন লওক আৰু হেলমেট পাওক’ নামেৰে এক অভিযানো চলায়।

বন্ধুৰ মৃত্যুৱে উদ্বুব্ধ কৰা এইজন যুৱকৰ প্ৰচেষ্টাই পৰৱৰ্তী সময়ত দৃষ্টি আকৰ্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, জননায়ক চনু সুদ আদিৰো।

image 54

বিহাৰ চৰকাৰে ৰাঘৱেন্দ্ৰ কুমাৰক ‘ভাৰতৰ হেলমেট মানৱ’ হিচাপে অভিহিত কৰিছে।

বৰ্তমান উত্তৰাখণ্ড চৰকাৰৰ সৈতে হেলমেট পৰিধানৰ বাবে সতৰ্কতা সৃষ্টিত সহযোগ কৰি আছে ৰাঘৱেন্দ্ৰ কুমাৰে।

image 56

একে সময়তে আজিও প্ৰতিদিনে বাইক আৰোহীৰ মাজত নিজৰ ধনেৰে বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰি আহিছে এইজন যুৱকে।