দুৰ্ঘটনাত পতিত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয়, আহত চালক

নিউজ ডেস্কঃ ছিকিম ভ্ৰমণত থকা অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

শনিবাৰে পুৱা গেংটকৰ পৰা বাগডোগ্ৰা বিমান বন্দৰ অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা।

বিপৰীত দিশৰ পৰা অহা এখন অনিয়ন্ত্ৰিত ডাম্পাৰে খুন্দা মাৰে ডা০ মমিনৰ পাইলট কাৰত।

image 57
দুৰ্ঘটনাত পতিত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয়, আহত চালক 2

দুৰ্ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বাহনখনৰ চালক ৰোশন।

দুৰ্ঘটনাৰ পিছতে আহত চালকজনক হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।

শনিবাৰে পুৱা ৬.৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ বিষয়ে টুইটযোগে জানিবলৈ দিয়ে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে।