দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যুৱকে নাপালে ১০৮ সেৱা, এস্কেভেটৰেৰে লৈ যোৱা হ’ল চিকিৎসালয়লৈ…

এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে ভাৱে আহত হয় এগৰাকী যুৱক। যুৱকজনক প্ৰয়োজন তৎকালীন চিকিৎসাৰ।

কিন্তু চিকিৎসালয়লৈ নিবলৈ ১০৮ এম্বুলেন্স সেৱা লাভ নকৰিলে যুৱকজনে।

image 95
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যুৱকে নাপালে ১০৮ সেৱা, এস্কেভেটৰেৰে লৈ যোৱা হ’ল চিকিৎসালয়লৈ... 2

উপায়ন্তৰ হৈ এস্কেভেটৰেৰে স্থানীয় লোকে চিকিৎসালয়লৈ নিয়ে যুৱকজনক।

এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ কটনীত৷

কটনীত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল এজন যুৱক৷

পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে খবৰ কৰিছিল ১০৮সেৱাত।

কিন্তু আধা ঘন্টা সময় পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত নহয় ১০৮সেৱা।

যাৰ বাবে স্থানীয় ৰাইজে এস্কেভেটৰেৰে লৈ যায় চিকিৎসালয়লৈ।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱকজনক এস্কেভেটৰেৰে চিকিৎসালয়লৈ লৈ যোৱাৰ ভিডিঅ’৷