ৰাষ্ট্ৰীয়অসমীয়া

দুৰন্ত হেঁপাহ! নিশাৰ ৰাজপথত ১০ কিলোমিটাৰ দৌৰি ঘৰমুখী হোৱা প্ৰদীপৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিছে নেটিজেনক

নিউজ ডেস্ক। সামাজিক মাধ্যমত এনিশাৰ ভিতৰতে চৰ্চিত হৈ পৰিছে এজন ১৯ বৰ্ষীয় যুৱক। ভাৰতীয় সেনাত যোগদানৰ বাবে থকা দুৰন্ত হেঁপাহৰ বাবে নিশাৰ ৰাজপথত প্ৰতিদিনে ১০ কিলোমিটাৰ দৌৰি ঘৰমুখী হয় এই যুৱকজনক।

শেহতীয়াকৈ দেশৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা বিনোদ কাপ্ৰিয়ে যুৱকজনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে দেশজুৰি চৰ্চিত হৈ পৰিছে। বাদশ্বাহ, বিকি কৌশল, অনিৰৰ দৰে তাৰকাৰ উপৰিও কেভিন পিটাৰছনৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাই শ্বেয়াৰ কৰিছে ভাৰতীয় সেনাত যোগদানৰ সপোন দেখা যুৱকজনৰ ভিডিঅ’টো।

দৰাচলতে ছবি নিৰ্মাতা বিনোদ কাপ্ৰিয়ে নিশা গৈ থকাৰ সময়ত প্ৰত্যক্ষ কৰে যে এজন যুৱকে পিঠিত এটা বেগ লৈ দৌৰি আছে। কোনো বিপদত পৰাৰ আশংকা কৰি কাপ্ৰিয়ে যুৱকজনৰ কাষত গাড়ী ৰখাই লিফ্ট দিব বিচাৰে যদিও যুৱকজনে সেয়া অস্বীকাৰ কৰে।

প্ৰদীপ মেহৰা নামৰ ১৯ বছৰীয়া যুৱকজন নয়ডা চেক্টৰ ১৬ৰ মেকডোনাল্ডৰ কৰ্মচাৰী। কৰ্তব্য সম্পন্ন কৰি তেওঁ নিশা বৰোলাৰ ঘৰলৈ ১০ কিলোমিটাৰ বাট সদায় দৌৰি যায়। বিনোদ কাপ্ৰিয়ে যুৱকজনক ইয়াৰ কাৰণ সোধাত তেওঁ আৰ্মীত ভৰ্তি হ’বৰ বাবেই দৌৰি আছে বুলি কয়।

পুৱা ৮ বজাতে অফিচ পাব লাগে, তাৰ পূৰ্বে নিজৰ বাবে খাদ্য বনাব লাগে। এই সকলোবোৰ কৰি পুৱা দৌৰিবলৈ তেওঁৰ সময় নহয় বাবেই নিশা কৰ্তব্যস্থলীৰ পৰা উভতাৰ পথত এনেদৰে প্ৰতিদিনে দৌৰি আহে বুলি মন্তব্য কৰে প্ৰদীপে।

প্ৰদীপে জনোৱা মতে, তেওঁৰ প্ৰকৃত ঘৰ উত্তৰাখণ্ডৰ আমৰোলাত। ইয়াতে তেওঁ ভাতৃ আৰু মাতৃৰ সৈতে থাকে। মাতৃ বৰ্তমান চিকিৎসাধীন হৈ আছে।

ভাৰতীয় সেনাত যোগদানৰ বাবে যুৱকজনে কৰা অশেষ পৰিশ্ৰমৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে প্ৰদীপ মেহৰাক শুভেচ্ছা আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে নেটিজেনে। দেওবাৰৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে বিকি কৌশল, বাদশ্বাহ, হৰভজন সিং, কেভিন পিটাৰছন আদি তাৰকা সকলে।

ভিডিঅ’টো শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে প্ৰদীপক বিশুদ্ধ সোণ বুলি অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *