নিউজ ডেস্কঃ প্ৰায় দুসপ্তাহ পূৰ্বে ঘৰৰ পৰা ওলাই গৈ আজিও সন্ধান নাই মামু বেগমৰ।
খুমটাইৰ বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ ৩৮ বৰ্ষীয় বিবাহিতা মহিলাগৰাকীৰ সন্ধানহীন হোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।
জানিব পৰা মতে, দুসপ্তাহ পূৰ্বে কোনো কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল মামু বেগম নামৰ মহিলাগৰাকীয়ে।
কিন্তু তাৰ পিছত মহিলাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।
ইফালে সিফালে মহিলাগৰাকীৰ সন্ধান বিচাৰিও কোনো সম্ভেদ লাভ নকৰাত অৱশেষত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।

উল্লেখ্য নিৰুদ্দিষ্ট মহিলাগৰাকীৰ আছে এগৰাকী ১৮ বছৰীয়া কন্যা সন্তান আৰু ১২ বছৰীয়া পুত্ৰ সন্তান।
মহিলাগৰাকীৰ সম্ভেদ উলিয়াই দিবলৈ আৰক্ষীৰ ওচৰত কাতৰ আহ্বান জনাইছে পুত্ৰ-কন্যাৰ লগতে পৰিয়ালে।
কোনো লোকে মহিলাগৰাকীক দেখা পালে 99548-35422 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে পৰিয়ালে।









