অসমীয়াঅসম

দুসপ্তাহে সন্ধান নাই খুমটাইৰ বোৱাৰী মামু বেগমৰ! সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ প্ৰায় দুসপ্তাহ পূৰ্বে ঘৰৰ পৰা ওলাই গৈ আজিও সন্ধান নাই মামু বেগমৰ।

খুমটাইৰ বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ ৩৮ বৰ্ষীয় বিবাহিতা মহিলাগৰাকীৰ সন্ধানহীন হোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।

জানিব পৰা মতে, দুসপ্তাহ পূৰ্বে কোনো কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল মামু বেগম নামৰ মহিলাগৰাকীয়ে।

কিন্তু তাৰ পিছত মহিলাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

ইফালে সিফালে মহিলাগৰাকীৰ সন্ধান বিচাৰিও কোনো সম্ভেদ লাভ নকৰাত অৱশেষত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।

photo1668599015

উল্লেখ্য নিৰুদ্দিষ্ট মহিলাগৰাকীৰ আছে এগৰাকী ১৮ বছৰীয়া কন্যা সন্তান আৰু ১২ বছৰীয়া পুত্ৰ সন্তান।

মহিলাগৰাকীৰ সম্ভেদ উলিয়াই দিবলৈ আৰক্ষীৰ ওচৰত কাতৰ আহ্বান জনাইছে পুত্ৰ-কন্যাৰ লগতে পৰিয়ালে।

কোনো লোকে মহিলাগৰাকীক দেখা পালে 99548-35422 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে পৰিয়ালে।