দুবছৰৰ পিছত পুনৰ সাজু নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ, এইবাৰ কেইদিনীয়াকৈ উদযাপন হ’ব ৰাস মহোৎসৱ…

নিউজ ডেস্কঃ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰে এইবাৰ উদযাপন কৰিব ৮৯ সংখ্যক ৰাস মহোৎসৱ।

অহা ৭ নৱেম্বৰৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে ১৯ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব এই ৰাস মহোৎসৱ।

শনিবাৰে সন্ধিয়া শ্ৰীশ্ৰী হৰি মন্দিৰৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা জানিবলৈ দিয়া হৰি মন্দিৰ পৰিচালনা সমিতি আৰু ৰাস পৰিচালনা সমিতিয়ে।

image 19
দুবছৰৰ পিছত পুনৰ সাজু নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ, এইবাৰ কেইদিনীয়াকৈ উদযাপন হ’ব ৰাস মহোৎসৱ… 3

সংবাদমেল খনত উপস্থিত থাকে হৰি মন্দিৰ পৰিচালনা সমিতিৰ স্থায়ী সভাপতি অশোক শর্মা, সম্পাদক নগেন ডেকা, মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱা, কাৰ্যকৰী সভাপতি মদন মালাকৰ, সম্পাদক মনোজ চৌধুৰী আদিকে ধৰি ৰাস উদ্‌যাপন সমিতি আৰু হৰি মন্দিৰ, পৰিচালনা সমিতিৰ ভালেমান বিষয়ববীয়া।

উল্লেখ্য যে, কোভিড মহামাৰীৰ লগতে আন বিভিন্ন কাৰণত বিগত দুটা বছৰত উদযাপন হোৱা নাছিল অসম খ্যাত নলবাৰীৰ ৰাস মহোৎসৱখনি।

photo1664714547
দুবছৰৰ পিছত পুনৰ সাজু নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ, এইবাৰ কেইদিনীয়াকৈ উদযাপন হ’ব ৰাস মহোৎসৱ… 4

কিন্তু এইবেলি সৰ্বাংগসুন্দৰভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱখনি অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সম্পাদক মনোজ চৌধুৰীয়ে।

মহোৎসৱৰ বিতং কাৰ্যসূচী পৰৱৰ্তী সময়ত প্রকাশ কৰা হ’ব বুলি মন্তব্য কৰে উদযাপন সমিতিৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।