অসমীয়াঅসম

দুটা বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হ’ল পাৰভেছ, কিন্তু ফলাফল ল’বলৈহে নাই ছাত্ৰজন…

নিউজ ডেস্কঃ কামপুৰৰ ঘিলানী গাঁৱৰ পাৰভেছৰ ঘৰত আজি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। আজি মেট্ৰিকৰ ৰিজাল্ট দিছে। সুখ্যাতিৰে উত্তীৰ্ণ হৈছে পাৰভেছ। কিন্তু প্ৰত্যাশিত ফলাফল লাভ কৰি আজি আনন্দ কৰিবলৈ ঘৰখনত নাই মেধাৱী ছাত্ৰজন। যাৰ বাবে কান্দোনত ভাগি পৰিছে পাৰভেছৰ পিতৃ-মাতৃ আৰু পৰিয়াল।

উল্লেখ্য যে, যোৱা ৯ মে’ত কপিলী নৈত গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লৈছিল অতি অমায়িক, মেধাৱী ছাত্ৰ পাৰভেছ আহমেদে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনে নৈত গা ধুবলৈ যোৱাৰ পিছতে সংঘটিত হৈছিল অঘটন।

photo1654602327

আজি পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰে কামপুৰৰ ঘিলানী গাঁৱত। দুটা বিষয়ত লেটাৰসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা পাৰভেছক আজিৰ দিনটোত সুঁৱৰি আবেগিক হৈ পৰিছে তেওঁ পৰা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীও।

জানিব পৰা মতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু উচ্চগণিতত লেটাৰ মাৰ্ক লাভ কৰিছে পাৰভেছে। এই ফলাফল লাভ কৰি স্বাভাৱিকতেই পাৰভেছ উৎফুল্লিত হৈ পৰিলহেঁতেন। কিন্তু ফলাফল লাভ কৰাৰ পূৰ্বেই অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল পাৰভেছে।

Leave a Reply

Your email address will not be published. Required fields are marked *