দুঃখবৰ! APDCLৰ সহঃ পৰিচালক, সমাজসেৱক যোগীদেৱ গোস্বামীৰ বিয়োগ, শোকবিহ্বল যোৰহাটবাসী…

নিউজ ডেস্কঃ এপিডিচিএলৰ যোৰহাট সংমণ্ডলৰ সহঃ পৰিচালক তথা বিশিষ্ট সমাজসেৱক যোগীদেৱ গোস্বামী (৫৯)ৰ বিয়োগে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ যোৰহাটত।

যোৰহাটৰ উপকণ্ঠ সৰ্বাইবন্ধা লেটুগ্ৰাম সত্ৰৰ নিৱাসী গোস্বামীয়ে বৃহস্পতিবাৰে পুৱা ৬.৪৫ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল যোগীদেৱ গোস্বামী।

যোৰহাটৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত যোগীদেৱ গোস্বামী সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ নাতি আছিল।

উল্লেখ্য যে প্রয়াত গোস্বামীয়ে যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰগোট সাৰথি ৭৮ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি প্রেমানন্দ ন্যাসে প্রকাশ কৰা মিত্ৰদেৱ মহন্তৰ ৰচনাৱলী প্রকাশতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল গোস্বামীয়ে।

বিশিষ্ট সমাজকৰ্মীগৰাকীৰ আকস্মিক বিয়োগত যোৰহাটৰ বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক ব্যক্ত কৰিছে।