অসমীয়াৰাষ্ট্ৰীয়

দুঃখবৰ! ‘লগান’খ্যাত প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ আকস্মিক মৃত্যু…

নিউজ ডেস্কঃ ‘লগান’, ‘চক দে ইণ্ডিয়া’ আদিৰ দৰে চুপাৰহিট ছবিৰ জৰিয়তে সকলোৰে মাজত পৰিচিত হৈ পৰা বলিউডৰ জ্যেষ্ঠ অভিনেতা জাভেদ খান আমৰোহীৰ বিয়োগ।

মঙলবাৰে মুম্বাইস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে।

জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা জাভেদ খান আমৰোহী উশাহ-নিশাহৰ অসুবিধাত ভুগি আছিল।

অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৫০ বছৰ।

image 59

উল্লেখ্য যে, জাভেদ খান আমৰোহীয়ে ‘চক দে ইণ্ডিয়া’, ‘লগান’, ‘আন্দাজ অপনা অপনা’ আদিৰ দৰে ছুপাৰহিট ছবিত অভিনয় কৰি দৰ্শকৰ মাজত সমাদৃত হৈছিল।

অভিনয় জীৱনত ১৫০ খনৰো অধিক ছবিত অভিনয় কৰা জ্যেষ্ঠ অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ছড়ক-২ শীৰ্ষক ছবিখনত।

image 60

লগান ছবিত কৰা তেওঁৰ অভিনয়ৰ বাবে অকাডেমী বঁটাৰ বাবেও তেওঁ মনোনীত হৈছিল।

অভিনেতাগৰাকীৰ আকস্মিক বিয়োগে ছবিপ্ৰেমীৰ মাজত শোকৰ ছাঁ পেলাইছে।