দুঃখবৰ! বিশিষ্ট সমাজকৰ্মী, লেখক দীননাথ বৰুৱাৰ দেহাৱসান…

নিউজ ডেস্কঃ নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, লেখক দীননাথ বৰুৱাৰ বিয়োগ।

৯৯ বছৰ বয়সত লাওখোৱা ৰোডস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰুৱাৰ।

উল্লেখ্য যে, চাহ বাগানৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দীননাথ বৰুৱা সমাজৰ বিভিন্ন সাংস্কৃতিক-সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল।

লেখক হিচাপেও তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল পৰিচয়।

ইতিমধ্যে তেওঁৰ দুখনকৈ গ্ৰন্থ প্ৰকাশ পাইছে।

বিশিষ্ট সমাজকৰ্মী, লেখকগৰাকীৰ বিয়োগত গভীৰ শোক ছাঁ পৰিছে অঞ্চলটোত।