অসমীয়াঅসম

দুঃখবৰ! প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ বিয়োগ…

নিউজ ডেস্কঃ প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেহাৱসান।

দীৰ্ঘদিন অসুস্থ হৈ থাকি গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ ইছলামৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

image 24

উল্লেখ্য যে, ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল নজৰুল ইছলামে।

লাহৰীঘাট সমষ্টিৰ পৰা ১৯৯৬ চনৰ পৰা ২০২১ চনলৈ একেৰাহে ৫ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ।

image 25

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰত ২০০২ চনৰ পৰা ২০১৬ চনলৈ মন্ত্ৰীৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।