নিউজ ডেস্কঃ এসমৰ অন্যতম জনপ্ৰিয় অসমীয়া দৈনিক বাতৰি কাকত ‘আজিৰ বাতৰি’ৰ স্বত্বাধিকাৰ ৰাজেন বৰা আৰু নাই!
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থাকি মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী তথা ৰাজনীতিবিদ গৰাকীয়ে।
উল্লেখ্য যে, ৰাজেন বৰাই প্ৰকাশ কৰা আজিৰ বাতৰি নামৰ দৈনিক কাকতখনে এসময়ত অন্যতম লেখত ল’বলগীয়া অসমীয়া বাতৰি কাকত হিচাপে পৰিচিতি লাভ কৰিছিল।
অৱশ্যে পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত তেওঁ বাতৰি কাকতখনৰ প্ৰকাশ বন্ধ কৰি দিয়ে।
শেহতীয়াকৈ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰা ৰাজেন বৰাই থাওৰা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থীৰূপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনতো তেওঁ সফলতা লাভ কৰাত ব্যৰ্থ হয় আৰু নিৰ্বাচনত পৰাজিত হয়।
দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি মৃত্যুক সাৱটি লোৱা ৰাজেন বৰাৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে ৰাজ্যৰ ৰাজনৈতিক-সংবাদ মহলক।









