অচিৰেই দিল্লী বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ’ব গুৰুজনাৰ নামত আসন।
লগতে দিল্লীৰ জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত গঢ়ি তোলা হ’ব এটি গৱেষণা কেন্দ্ৰও।
এই ঘোষণা অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ।
বৃহস্পতিবাৰে অসম বিধানসভাত ৩০১ নং নিয়মৰ অধীনত বিজেপিৰে বিধায়ক বিশ্বজিৎ ফুকনে মাধৱ কন্দলিৰ ৰামায়ণ সন্দৰ্ভত উত্থাপন কৰা এক বিষয়ৰ উত্তৰ দিবলৈ গৈ শিক্ষামন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে।
শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, দিল্লী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে শীঘ্ৰেই অসম চৰকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক চুক্তি কৰিব।
উল্লেখ্য যে, এই গৱেষণা কেন্দ্ৰৰ জৰিয়তে অসমৰ প্ৰাচীন সাহিত্য, ৰামায়ণী সাহিত্য আদি বিশ্ব দৰবাৰত প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰা হ’ব।









