ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হ’ব ছানিয়া মিৰ্জা…

লক্ষ্য অবিচল হ’লে কঠিন বাধাকো প্ৰত্যাহ্বান জনাই সফলতাৰ পথত আগুৱাব পাৰি।

তাকেই প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশৰ এগৰাকী টিভি মেকানিকৰ জীয়ৰী ছানিয়া মিৰ্জাই।

দেশৰ অন্যতম কঠিন পৰীক্ষা NDAৰ ফলাফলত ১৪৯সংখ্যক স্থান অধিকাৰ কৰি উত্তৰ প্ৰদেশ তথা দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হোৱাৰ পথত আগবাঢ়িছে ছানিয়া।

দেশৰ প্ৰথম মহিলা ফাইটাৰ পাইলট অবণী চৰ্তুবেদী আছিল ছানিয়াৰ অনুপ্ৰেৰণা।

image 126
ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হ’ব ছানিয়া মিৰ্জা... 2

NDAপৰীক্ষাত সাফল্য লাভ কৰি ছানিয়াই কয়, ‘মহিলা ফাইটাৰ পাইলটৰ সংখ্যা যথেষ্ট কম। হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছতেই মই ঠিক কৰিছিলো যে, মই ফাইটাৰ পাইলট হ’ম।

লগতে কয়- প্ৰায় সংখ্যক শিক্ষাৰ্থীয়ে CBSE, ICSE বৰ্ডত পঢ়িহে এই পৰীক্ষাত সাফল্য লাভ কৰে বুলি ভাবে। কিন্তু মই ইউপি বৰ্ডত হিন্দী মাধ্যমত পঢ়িয়েই এই পৰীক্ষাত সাফল্য লাভ কৰিছোঁ।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ যশোভাৰ গাঁৱৰ বাসিন্দা ছানিয়াৰ এই সাফল্যত যথেষ্ট সুখী পিতৃ-মাতৃ।