তুৰস্কত প্ৰকৃতিৰ বিভীষিকা! প্ৰবল ভূঁইকপত নিহতৰ সংখ্যা ১১,২০০ জনলৈ বৃদ্ধি, চৌদিশে মাথো মৃত্যুৰ কিৰিলি…

নিউজ ডেস্কঃ চৌদিশে কেৱল মৃত্যুৰ কিৰিলি!

দুৰ্গতৰ আৰ্তনাদ, উদ্ধাৰকাৰীৰ ব্যস্ততাই যেন বিভীষিকাময় কৰি পেলাইছে চহৰখন।

নিমিষতে তাচপাতৰ দৰে খহি পৰা ওখ ওখ অট্টালিকাই ৰুধিছে বাট। পৰি ৰোৱা ধ্বংসস্তূপে ঢাকি ৰাখিছে হাজাৰ হাজাৰ দুৰ্গতৰ নিথৰ দেহ।

ইটোৰ পিছত সিটো ভূমিকম্পই কঁপাইছে তুৰস্ক আৰু ছিৰিয়া।

ইতিমধ্যে এই বৰভূঁইকপত মৃত্যুৰ সংখ্যা ১১,২০০ জনলৈ বৃদ্ধি পাইছে। আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।

মাত্ৰ এটা দিনতে ধ্বংসস্তূপলৈ ৰূপান্তৰিত হোৱা তুৰস্কৰ সেই বিশাল অঞ্চলটোত চৰকাৰে পাৰ্যমানে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

কিন্তু সীমিত উদ্ধাৰকাৰী দল আৰু অপৰ্যাপ্ত সহায়ৰ বাবে শেহেতীয়াকৈ লেহেমীয়া হৈ পৰিছে উদ্ধাৰ অভিযান।

যাৰ ফলত নিখোজ লোকৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে ক্ষোভৰো।

লক্ষাধিক লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে যদিও তেওঁলোকৰ মাজতো এতিয়া দেখা দিছে আন এক সংকট।

খাদ্য, প্ৰচণ্ড শীত, বাসস্থানৰ অভাৱত বহু লোকে পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

অন্যহাতে বেয়া বতৰ, ধ্বংসপ্ৰাপ্ত পথ, সম্পদ আৰু গধুৰ সঁজুলিৰ অভাৱৰ বাবে এতিয়াও সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হ’ব পৰা নাই উদ্ধাৰকাৰী দল।

যাৰ ফলত সেই স্থান সমূহত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ভূমিকম্পত আক্ৰান্ত তুৰস্কৰ দুৰ্গম অঞ্চলত দহজন ভাৰতীয় আবদ্ধ হৈ আছে যদিও তেওঁলোক নিৰাপদ হোৱাৰ বিপৰীতে এজন নাগৰিক নিৰুদ্দেশ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।