তিনিমাহ একেৰাহে বৰষুণ দি থাকিলেও বানপানী নহয় অসমত! এনে কি ফৰ্মুলা আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হাতত?

নিউজ ডেস্কঃ সমগ্ৰ ৰাজ্যজুৰি এতিয়া বিধ্বংসী বানৰ তাণ্ডৱ। একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ পিছতে এতিয়া বানত বুৰ গৈছে ২৮ খন জিলাৰ ৩ সহস্ৰাধিক গাঁও।

বান আৰু ভূমিস্খলনৰ কবলত পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছে ডেৰ কুৰিৰো অধিক লোকে।

ৰাজ্যৰ এনে বান পৰিস্থিতিৰ মাজতে এইবাৰ এটা বিশেষ ফৰ্মুলাৰ কথা ক’লে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, তেওঁ চিন্তা কৰা ব্যৱস্থা গ্ৰহণ কৰিলে একেৰাহে তিনিমাহ বৰষুণ দি থাকিলেও বানপানী নহ’ব অসমত।

image 151
তিনিমাহ একেৰাহে বৰষুণ দি থাকিলেও বানপানী নহয় অসমত! এনে কি ফৰ্মুলা আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হাতত? 3

অৱশ্যে এই ব্যৱস্থা সম্পৰ্কে এতিয়াই ৰাজহুৱা কৰিবলৈ আগ্ৰহ ব্যক্ত নকৰি মন্ত্ৰী ৰঞ্জিত দাসে কয় যে তেওঁ ব্যক্তিগতভাৱে এই ফৰ্মুলাৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিব।

তাৰ পিছতে যদি চৰকাৰে বিচাৰে, তেন্তে এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

১৯৫০ চনৰ পৰাই চৰকাৰে গ্ৰহণ কৰি অহা ভুল নীতিৰ বাবে অসমত বানপানী হৈ আছে বুলিও মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে।

তেওঁ এয়াও দাবী কৰে যে, পূৰ্বৰ ভুল নীতিৰে যদি এতিয়াও চলা হয় তেন্তে আগন্তুক সময়তো অসমবাসী ৰাইজ বানত ককবকাই থাকিব লাগিব।

ৰাজ্যৰ এনে বান পৰিস্থিতিৰ পৰা হাত সাৰিবলৈকে তেওঁক হাতত বিশেষ ফৰ্মুলা আছে বুলি মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

লগতে চাওকঃ

যোগ্য জনৰ হাতত বিভাগৰ দায়িত্বঃ ৰঞ্জী ট্ৰফীত দুটাকৈ শতক অৰ্জন কৰিলে এগৰাকী ক্ৰীড়া মন্ত্ৰীয়ে…

manoj tiwary minister
তিনিমাহ একেৰাহে বৰষুণ দি থাকিলেও বানপানী নহয় অসমত! এনে কি ফৰ্মুলা আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হাতত? 4