অসম

তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ নৱজাতক পুত্ৰৰ মৃত্যু…

নিউজ ডেস্ক। তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ড’ৰ নৱজাতক পুত্ৰৰ মৃত্যু।

১৮ এপ্ৰিলৰ মাজনিশা টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰে ৰোনাল্ডোৱে।

টুইটত ৰোনাল্ডোৱে লিখিছে- ‘অতি দুখৰে জনাও যে, আমাৰ নৱজাতক পুত্ৰৰ মৃত্যু হৈছে। এয়া যিকোনো অভিভাৱকৰ বাবে অসহনীয়। কেৱল আমাৰ কেঁচুৱা ছোৱালীজনীৰ জন্মই আমাক কিছু আশা আৰু আনন্দেৰে এই মুহূৰ্তটো জীয়াই থকাৰ শক্তি প্ৰদান কৰে। আমি আমাক সমৰ্থন কৰা সকলো চিকিৎসক আৰু নাৰ্চক ধন্যবাদ জনাইছো।’

তেওঁ লগতে লিখিছে- ‘আমাৰ পুত্ৰ আমাৰ স্বৰ্গদূত আছিল, আমি সদায়ে তাক ভাল পাই থাকিম।’

MEN6ANR7?format=jpg&name=small

উল্লেখ্য যে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু তেওঁৰ সংগী জৰ্জিনাই অক্টোবৰত ঘোষণা কৰিছিল যে, তেওঁলোক যমজ সন্তানৰ পিতৃ-মাতৃ হ’ব।

চিকিৎসালয়ৰ পৰা এখন ফটোও শ্বেয়াৰ কৰিছিল দুয়োগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *