আন্তঃৰাষ্ট্ৰীয়

তানজানিয়ান সাহিত্যিক আব্দুলৰাজ্জাক গুৰণালৈ ২০২১ বৰ্ষৰ সাহিত্যৰ ন’বলে বঁটা…

তানজানিয়ান সাহিত্যিক আব্দুলৰাজ্জাক গুৰণালৈ ২০২১ বৰ্ষৰ সাহিত্যৰ ন’বলে বঁটা।

পেৰাডাইছ, দিচাৰশ্যন আদি বিখ্যাত উপন্যাসেৰে বিশ্ব সাহিত্য জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা সাহিত্যিক আব্দুলৰাজ্জাকে বৰ্তমান ব্ৰিটেইনত বাস কৰে।

১৯৬০ চনতে আব্দুলৰাজ্জাক গুৰণাহে তানজানিয়াৰ পৰা শৰণাৰ্থী হিচাপে ব্ৰিটেনলৈ গুচি গৈছিল।

সাহিত্যত ন’বলে বঁটা বিজয়ী আব্দুলৰাজ্জাক গুৰণাই পুৰস্কাৰ হিচাপে ১০ মিলিয়ন চুইদিছ ক্ৰাউন লাভ কৰিব।

আব্দুলৰাজ্জাক গুৰণাহে তানজানিয়াৰ জানজিবাৰত ১৯৪৮ চনত জন্মগ্ৰহণ কৰিছিল।

বিগত দুটা দশকৰ ভিতৰত সাহিত্যৰ ন’বেল বঁটা লাভ কৰা আব্দুলৰাজ্জাক গুৰণাহ প্ৰথমজন আফ্ৰিকান মূলৰ ব্যক্তি।

ন’বেল বঁটা বিজয়ী আব্দুলৰাজ্জাকৰ মাতৃভাষা স্বাহিলি আছিল যদিও পৰৱৰ্তী সময়ত তেওঁ লেখা-মেলাৰ বাবে ইংৰাজী ভাষাকে মূল হিচাপে ব্যাৱহাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *