অসম

ড্ৰাগছ সৰবৰাহত জড়িত আছাম ৰাইফলছৰ জোৱান, ৩জন জোৱানসহ ৪জন গ্ৰেপ্তাৰ, জব্দ ড্ৰাগছ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছাম ৰাইফলছৰ জোৱান।

ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অপৰাধত ৩জন জোৱানসহ ৪জন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লগতে আৰক্ষীয়ে জব্দ কৰিছে ২৬০ গ্ৰাম ব্ৰাউন চুগাৰ।

জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা জোৱান কেইজনে খাকী পোছাকতে কৰিছিল ড্ৰাগছৰ সৰবৰাহ।

ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই এই জোৱান তিনিজনৰ লগতে আন এজন ব্যক্তিক আটক কৰিছে।

আনহাতে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে এখন ব’লেৰো বাহন।

Leave a Reply

Your email address will not be published. Required fields are marked *