অসম

ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত ট্ৰাক চালকৰ পৰিয়াললৈ ৫ লাখ টকাৰ একালীন সাহায্য…

ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত ট্ৰাক চালকৰ পৰিয়াললৈ একালীন সাহায্য প্ৰদান চৰকাৰৰ।

প্ৰতিটো পৰিয়ালৰ সদস্যলৈ ৫ লাখ টকাকৈ সাহায্যৰ চেক প্ৰদান।

লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত মৃতকৰ পৰিয়ালক প্ৰদান কৰা হৈছে এই সাহায্যৰ চেক।

উগ্ৰপন্থীৰ গুলীচালনা কৰি ট্ৰকাত অগ্নিসংযোগ কৰাৰ ফলত নিহত হোৱা চাৰি চালকৰ পৰিয়ালে লাভ কৰে এই সাহায্য।

চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ডিমা হাছাও জিলাৰ উপায়ুক্ত, হোজাইৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু চক্ৰ বিষয়া।

আনহাতে নিহত আজগৰ আলীৰ দুগৰাকী পত্নী হোৱা হেতুকে দুয়োগৰাকীকে আঢ়ৈ লাখকৈ সাহায্য চেক প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *