ৰাষ্ট্ৰীয়অসমীয়া

ডাঙৰ খবৰ! ৩ ‘বিতৰ্কিত’ কৃষি আইন বাতিলৰ ঘােষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ

নিউজ ডেস্ক। কেন্দ্ৰৰ মােদী চৰকাৰে বলৱৎ কৰা ৩ বিতৰ্কিত কৃষি আইন অৱশেষত বাতিল কৰাৰ ঘােষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ।

আজি পুৱা ৯ বজাত দেশবাসীক সম্বােধন কৰি এই ঘােষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

tikait-pti

তেওঁ কৃষি আইনৰ সপক্ষে বিভিন্ন যুক্তি আগবঢ়াই কয় যে একাংশ কৃষকে এই কথাবােৰ নজনাৰ বাবেই দীৰ্ঘদিন ধৰি আন্দােলন অব্যাহত ৰাখিছে।

সেয়েহে আজি গুৰু নানক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকসকলক আন্দােলন পৰিহাৰ কৰি পুনৰ ঘৰলৈ উভতি যাবলৈ আহ্বান জনায়।

তেওঁ কয় যে সাংবিধানিক প্ৰক্ৰিয়াৰে ৩ কৃষি আইন সংসদৰ শীতকালীন অধিৱেশনত প্ৰত্যাহাৰৰ বাবে ব্যৱস্থা হাতত লােৱা হ’ব।

উল্লেখ্য যে ভাৰতীয় কিষাণ সংঘৰ নেতা ৰাকেশ টিকাইটৰ নেতৃত্বৰ বিগত দীৰ্ঘদিন দিন দিল্লীৰ সিংঘু সীমান্তত কৃষকসকলে আন্দােলন অব্যাহত ৰাখিছিল।

আনকি এই আন্দােলনৰ মাজতে গণৰাজ্য দিৱত নতুন দিল্লীত অপ্ৰীতিকৰ পৰিস্থিতিৰাে উদ্ভৱ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *