অসমঅসমীয়া

ডাঙৰ খবৰ! কংগ্ৰেছ দল ত্যাগ ৰিপুণ বৰাৰ…

নিউজ ডেস্ক। অৱশেষত সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছ দল ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই।

বিগত ৰাজ্যসভা নিৰ্বাচনত অনাকাংক্ষিতভাৱে ৰিপুণ বৰাৰ পৰাজয়ক লৈ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ সৈতে মিত্ৰতা ভংগ হ’বলগীয়া হ’ল।

G0 1

বিশেষকৈ একাংশ দলীয় নেতাৰ ভূমিকাক লৈ ক্ষুব্ধ হৈ পৰা বৰাই দলত্যাগ কৰি অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টীত যােগদান কৰিব বুলিও চৰ্চিত হৈছিল।

ইয়াৰ মাজতে দেওবাৰে ৰিপুণ বৰাই সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ নেত্ৰী ছােনিয়া গান্ধীলৈ এক দীঘলীয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

ইপিনে, কংগ্ৰেছ দল ত্যাগ কৰি ৰিপুণ বৰাই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যােগদান কৰিব বুলি চৰ্চিত হৈছে। ইয়াৰ বাবে দেওবাৰে বিয়লি বৰাই কলকাতালৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে পদত্যাগ পত্ৰত ৰিপুণ বৰাই ১৯৭৬ চনৰ পৰাই কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ থকা বুলিও উল্লেখ কৰিছে।

লগতে চাওকঃ

‘বাংকু’ক গীটাৰ শিকাবা…! ফেচবুকত অন্তঃসত্বা পত্নীলৈ আবেগিক চিঠি লিখি আলফা (স্বা)লৈ গ’ল কংগ্ৰেছ নেতা জনাৰ্দন গগৈ

G5 11

Leave a Reply

Your email address will not be published. Required fields are marked *