টেনিছ কোৰ্টত আৰু দেখা নাপাব তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাক! ঘোষণা কৰিলে অৱসৰৰ কথা

টেনিছ কোৰ্টত আৰু অনুৰাগীয়ে দেখা নাপাব ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাক। কিয়নো খেলুৱৈ গৰাকীয়ে খেলৰ পৰা সন্যাস লোৱাৰ ঘোষণা কৰিছে।

টেনিছ তাৰকাগৰাকীৰ এই ঘোষণাই তেওঁৰ লাখ লাখ অনুৰাগীৰ হৃদয় বিদ্ধ কৰিছে।

FJe-I8-B-WYAQsg-G6

ছানিয়া মিৰ্জাই অষ্ট্ৰেলিয়ান অপেনত অংশ ল’বলৈ গৈ নিজৰ অৱসৰৰ কথা ঘোষণা কৰি কিয় যে এয়াই তেওঁৰ অন্তিম ছিজন হব। ২০২২ বৰ্ষতেই তেওঁ অৱসৰ লব টেনিছ জগতৰ পৰা।

FF8cvp-OXs-AUy-Ov7

উল্লেখ্য যে, ছানিয়া মিৰ্জাই বুধবাৰে অষ্ট্ৰেলিয়ান অপেনত পৰাস্ত হয়। যাৰ পিছত তেওঁ এই মন্তব্য দিয়ে। তাৰকা খেলুৱৈ গৰাকীয়ে কয় যে এইটো তেওঁৰ অন্তিম ছিজন হ’ব। তেওঁ পিছৰ সপ্তাহত অনুষ্ঠিত হবলগীয়া খেলৰ বাবে প্ৰস্তুতি চলাই আছে যদিও তাৰকাগৰাকীয়ে গোটেই ছিজনটো খেলিবলৈ পাৰিব নে নাই সেয়া নিশ্চিত নহয়।

FJdxf-Bva-UAAKZBt

খেলখনৰ পিছত ছানিয়া মিৰ্জাই কয়, “মই ভাবো মই অধিক ভাল খেলিব পাৰোঁ, কিন্তু এতিয়া শৰীৰে তেনেদৰে সংগ নিদিয়ে।” টেনিছ তাৰকাগৰাকীয়ে শেহতীয়াকৈ আঁঠুৰ বিষত আক্ৰান্ত হৈ থকা বুলিও মন্তব্য কৰে।

আনহাতে নিজৰ তিনিবছৰীয়া সন্তানটিৰ কথা ভাবিও টেনিছৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে জনায় ছানিয়া মিৰ্জাই।

উল্লেখ্য যে, ২০০৩ চনত আন্তঃৰাষ্ট্ৰীয় টেনিছ কেৰিয়াৰ আৰম্ভ কৰা ছানিয়া মিৰ্জাই প্ৰায় দুটা দশকৰ পিছত কোৰ্ট ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

FJe-F9a-Sa-AAo-Zlik

প্ৰণিধানযোগ্য যে, ভাৰতৰ ৰোহন বোপান্না আৰু ছানিয়া মিৰ্জা বুধবাৰে অষ্ট্ৰেলিয়ান অপেনত পুৰুষ আৰু মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হবলগা হয়। ছানিয়া আৰু তেওঁৰ ইউক্ৰেইনৰ সংগী নাদিয়া কিনোক এক ঘণ্টা ৩৭ মিনিটত স্লাভনিয়াৰ তামাৰা জিদানেছেক আৰু কাজা জুৱানৰ হাতত ৪-৬, ৬-৭(৫)ত পৰাজিত হয়।

অৱশ্যে, বোপান্না আৰু ছানিয়াই এতিয়া মিক্সড ডাবলছত ভাগ্য পৰীক্ষা কৰিব। বোপান্নাই ক্ৰোৱেছিয়াৰ ডাৰিয়া জুৰাক শ্ৰাইবাৰৰ সৈতে যুটি বান্ধিছে, আনহাতে ছানিয়াই আমেৰিকাৰ ৰাজীৱ ৰামৰ সৈতে যুটি বান্ধিছে।

FJe-BLjl-WYAAHe-Z1

৩৫ বছৰীয়া ছানিয়া মিৰ্জা ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মহিলা টেনিছ তাৰকা, যিয়ে কেইবাটাও খিতাপ জয় কৰিছে আৰু সমগ্ৰ প্ৰজন্মৰ ছোৱালীক অনুপ্ৰেৰণা যোগাইছে। ছানিয়া মিৰ্জাই ডাবলছত অষ্ট্ৰেলিয়ান অপেন, উইম্বলডন, ইউএছ অপেন খিতাপ অৰ্জন কৰিছে। মিক্সড ডাবলছত ছানিয়া মিৰ্জাই অষ্ট্ৰেলিয়ান অপেন আৰু ইউএছ অপেনতো বিজয়ী হৈছে।

টেনিছ কোৰ্টৰ বাহিৰেও, ছানিয়া মিৰ্জাই নিৰন্তৰ শিৰোনাম দখল কৰি আহিছে। পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহেই হওঁক বা ৰাষ্ট্ৰীয় সংগীতক লৈ হোৱা বিতৰ্কই হওঁক বা কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰত পোছাক সম্পৰ্কে মন্তব্যই হওঁক, ছানিয়া মিৰ্জা সদায় চৰ্চিত হৈ আহিছে।

লগতে চাওকঃ

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

G3

Leave a Comment