আন্তঃৰাষ্ট্ৰীয়

টি-২০ বিশ্বকাপৰ ছেমি-ফাইনেলত ধৰাশায়ী হ’ল পাকিস্তান, ৫ উইকেটত জয়ী কেংগাৰু বাহিনী…

টি-২০ বিশ্বকাপৰ ছেমি-ফাইনেলত ধৰাশায়ী হ’ল পাকিস্তান।

ছেমি ফাইনেলত বৃহৎ জয়েৰে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়া।

ছেমি-ফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিলে কেংগাৰু বাহিনীয়ে।

প্ৰথমে বেটিং কৰি পাকিস্তানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৭৭ ৰানৰ বান্ধি দিয়া লক্ষ্য অষ্ট্ৰেলিয়াই ১৯ অভাৰত পাঁচটা উইকেট হেৰুৱাই পূৰণ কৰে।

বাবৰ আজমৰ ৩৯, ৰিজৱানৰ ৬৭, ফখৰ আজমৰ ৫৫ ৰানৰ সহায়ত পাকিস্তানে ১৭৭ ৰান কৰে যদিও অষ্ট্ৰেলিয়াৰ মেথিউ ৱাডেৰ ৪১ ৰান আৰু মাৰ্কাছ ষ্ট’ইনিছৰ ৪০ ৰানৰ সহযোগে অষ্ট্ৰেলিয়াক জয়ৰ দিশত লৈ যায়।

ফিঞ্চ শূন্য ৰানত আউট হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ বাবে ডেভিড ৱাৰ্নাৰে ৪৯, মাৰ্চে ২৮ৰ বৰঙণি যোগায়।

অষ্ট্ৰেলিয়াৰ হৈ ষ্টাৰ্কে ২টা আৰু কামিন্স, জাম্পাই এটাকৈ উইকেট লয়।

আনহাতে পাকিস্তানৰ আফ্ৰিদিয়ে এটা আৰু ছাহাদাব খানে ৪টাকৈ উইকেট লয়।

খেলখনত পাকিস্তানৰ বেটিং আৰু বলিঙে আশা দেখুৱাইছিল যদিও অষ্ট্ৰেলিয়াৰ ৱাডে আৰু ষ্ট’ইনিছে সেই আশা নিৰাশাত পৰিণত কৰে।

ছেমি ফাইনেলত পাকিস্তানে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে আৱতৰীয়া দীপাৱলী উদযাপন কৰিলে ভাৰতবাসীয়ে।

পিছ পৰি ৰৈ নাথাকিল অসম তথা গুৱাহাটীবাসীয়ো। ১২ বজালৈ দীপাৱলীৰ দৰে ফটকা ফুটালে বহু লোকে।

উল্লেখ্য যে, টি ২০ বিশ্বকাপৰ লীগ পৰ্যায়ৰ গ্ৰুপ বিৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছিল ভাৰত-পাকিস্তান। যি খেলত পাকিস্তানৰ বাবৰ আজমৰ দলৰ হাতত পৰাজয় বৰণ কৰিছিল বিৰাট কোহলীৰ ভাৰতীয় দলে।

এতিয়া ১৪ নৱেম্বৰত ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখী হ’ব নিউজিলেণ্ড।

Leave a Reply

Your email address will not be published. Required fields are marked *