টিকট নিদিয়া বাবেই বিজেপিত যোগ দিলে মুলায়ম যাদৱৰ বােৱাৰী অপৰ্ণা যাদৱে

নিৰ্বাচনৰ পূৰ্বে দল সলনি কৰাৰ ৰাজনীতি কোনো নতুন বিষয় নহয়। কিন্তু যেতিয়া মুলায়ম সিং যাদৱৰ সৰু বোৱাৰীয়েই দল সলনি কৰে, তেন্তে স্বাভাৱিকতে সেয়া চৰ্চাৰ কাৰণ হৈ পৰে।

সমাগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঠিক সেয়াই ঘটিল।

বুধবাৰে সমাজবাদী পাৰ্টীৰ প্ৰাক্তন অধ্যক্ষ মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা বৰ্তমানৰ দলৰ অধ্যক্ষ অখিলেশ সিং যাদৱৰ ভাই বোৱাৰী অপৰ্ণা যাদৱে আনুষ্ঠানিকভাৱে যোগ দিয়ে বিজেপিত।

G2

অখিলেশ যাদৱৰ কণিষ্ঠ ভাতৃ প্ৰতীক যাদৱৰ পত্নী অপৰ্ণা যাদৱে উত্তৰ প্ৰদেশৰ উপ মুখমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ উপস্থিতিত বুধবাৰে গেৰুৱা বসন পৰিধান কৰে।

তাৰ পিছতে অখিলেশ যাদৱ আৰু সমাজবাদী পাৰ্টীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ তুলি ভাইবোৱাৰী অপৰ্ণা সিঙে কয় যে সমাজবাদী পাৰ্টীৰ চৰকাৰৰ দিনত গুণ্ডাগিৰিৰ বাবে শংকাত ভুগিবলগা হৈছিল জীয়াৰী-বোৱাৰীসকলে।

সন্ধিয়া ৬ বজাৰ লগে লগে ঘৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰি সকলোৱে নিজকে ঘৰৰ ভিতৰত বন্দী কৰি পেলাবলগা হৈছিল।

অপৰ্ণা যাদৱে কয়, ‘মোৰ বাবে সৰ্বপ্ৰথম ৰাষ্ট্ৰ। সেয়ে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰা প্ৰভাৱিত হৈ বিজেপিত যোগদানৰ সিদ্ধান্ত লৈছো।’ ইফালে, কেশৱ প্ৰসাদ মৌৰ্যই কয়, “ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে অখিলেশ যাদৱ বিফল হৈছে আৰু তেওঁ পৰিয়ালতো বিফল হৈছে। সেয়েহে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰাও আঁতৰি আছে।”

উল্লেখ্য যে, খবৰ অনুসৰি অপৰ্ণা যাদৱে লক্ষ্ণৌ কেণ্টৰ পৰা বিধানসভা নিৰ্বাচনত টিকট বিচাৰিছিল। কিন্তু সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ সিং যাদৱে পৰিয়ালৰ কোনো সদস্যক নিৰ্বাচনত টিকট প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। যাৰ বাবে সমাজবাদী পাৰ্টী আৰু ভাই শহুৰ অখিলেশ সিং যাদৱৰ ওপৰত ক্ষুণ্ণ হৈ অপৰ্ণা যাদৱে বিজেপিত যোগদান কৰা বুলি চৰ্চা চলিছে।

লগতে চাওকঃ

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

G3

Leave a Comment