ৰাষ্ট্ৰীয়অসমীয়া

টাইগাৰাে জীয়াই আছে, সাপাে জীয়াই আছে! সৰ্প দংশনৰ ঘটনাক লৈ কি ক’লে চলমান খানে?

নিউজ ডেস্ক। আজি ৫৬ বছৰত ভৰি দিলে চুপাৰষ্টাৰ চলমান খানে।

সোমবাৰে ৰায়গড়ৰ পানভেলৰ ফাৰ্ম হাউচত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে নিজৰ জন্মদিন উদযাপন কৰে অভিনেতাগৰাকীয়ে।

তাৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত শনিবাৰে সংঘটিত সৰ্পদংশনৰ সমস্ত বিবৰণী আগবঢ়ায় চলমানে।

FHhfa3-TVk-AEX5-EU

উল্লেখ্য যে, শনিবাৰে অৰ্থাৎ খ্ৰীষ্টমাছৰ সন্ধিয়া পানভেলৰ ফাৰ্ম হাউচত এডাল সাপে দংশন কৰিছিল চলমান খানক। তাৰ পিছতে তেওঁক নবী মুম্বাইৰ মহাত্মা গান্ধী মিছন হাস্পতালত ভৰ্তি কৰোৱা হয়।

শনিবাৰৰ নিশাটো হাস্পতালত চিকিৎসকৰ নিৰীক্ষণত থকাৰ পিছত দেওবাৰে তেওঁক হাস্পতালৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰে চিকিৎসকে।

অভিনেতাগৰাকীয়ে কয় যে এইবাৰৰ সৈতে তেওঁক মুঠ তিনিবাৰ সাপে খুটিছে। অৱশ্যে সৌভাগ্যক্ৰমে আটাইকেইবাৰ বিপদমুক্ত আছিল। এইবাৰো সাপে খুটাৰ পিছত তেওঁতকৈ বেছি তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱসকলে ভয় খাইছিল বুলি মন্তব্য কৰে চলমান খানে।

FG5-VZg-Xo-Aoa-CTz

অভিনেতাগৰাকীয়ে জানিবলৈ দিয়া মতে সাপটো ফাৰ্ম হাউচৰ এটা কোঠাত প্ৰৱেশ কৰিছিল। তাৰ পিছত সাপটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতেই তেওঁক সাপটোৱে দংশন কৰে।

চলমান খানে কয় যে তেওঁ ঘটনাটোৰ পিছত তেওঁৰ চিন্তিত দেউতাক, প্ৰবীণ চিত্ৰনাট্যকাৰ চেলিম খানৰ সৈতে কথা পাতে আৰু তেওঁক আশ্বাস দিয়ে যে “টাইগাৰ আৰু সাপ” দুয়োটাই ভালে আছে।

FHma-Bje-WYAIQNbz

চলমানে কয়, “যেতিয়া মোৰ দেউতাই এই ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল, তেওঁ ফোন কৰি সুধিছিল যে সাপটো জীয়াই আছে নে নাই। গতিকে মই তেওঁক নিজকে ‘টাইগাৰ’ বুলি কৈছিলো আৰু সাপটোও জীয়াই আছে বুলি জনাইছিলোঁ। তেওঁ সুধিছিল যে আমি সাপটোক আঘাত কৰিছিলো নেকি। মই তেওঁক জনাইছিলোঁ যে আমি অতি যত্ন আৰু মৰমেৰে সাপটো উদ্ধাৰ কৰি জংঘলত এৰি দিছিলো।”

বলীউডৰ তাৰকাগৰাকীয়ে কয় যে সাপটো কোঠাটোত প্ৰৱেশ কৰাৰ সময়ত শিশুবোৰে যথেষ্ট ভয় খাইছিল, যাৰ পিছত তেওঁ পৰিস্থিতিৰ বুজ ল’বলৈ গৈছিল।

“মই এটা লাঠি বিচাৰিছিলো। কিন্তু দীঘল লাঠী এডাল বিচাৰি নোপোৱাত চুটি লাঠী ডালেৰেই মই সাপটো দাঙি বাহিৰলৈ উলিয়াই আনিছিলো। কিন্তু সাপটোৱে লাঠিডালত নিজকে মেৰিয়াই লৈ মোৰ হাতৰ ফালে বগাই আহে। গতিকে, মই সাপটো আনখন হাতেৰে ধৰি জংঘলত এৰিবলৈ চেষ্টা কৰোঁ। সেই সময়তে স্থানীয় লোকে সাপ সাপ বুলি চিঞঁৰিবলৈ আৰম্ভ কৰাত সাপটোৱে ভয় খাই কামোৰে। তাৰ পিছত পৰিস্থিতি অধিক বিশৃংখল হোৱাত সাপটোৱে আকৌ এবাৰ মোৰ হাতৰ কামুৰিছিল।

তাৰকাগৰাকীয়ে কয় যে তাৰ পিছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁ জানিব পাৰিছিল যে সাপটো বিষাক্ত নহয়। চিকিৎসালয়ত, চলমান খানক এণ্টি-ভেনম শ্বট দিয়াৰ পিছত ছয় ঘণ্টা পৰ্যৱেক্ষণত ৰখা হয়।

চলমান খানে ধেমেলীয়া সুৰেৰে কয়, “মোৰ ভনী গোটেই ঘটনাটোত যথেষ্ট ভয় খাইছিল, কিন্তু মই সাপটোৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিলো আৰু জংঘলত এৰি দিয়াৰ পূৰ্বে মই সাপটোৰ সৈতে এখন ফটোও উঠিছিলোঁ। তাৰ বাবেই নিশ্চয় সাপটোৱে মোক খুটিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *