জোনমণি ৰাভাক জে’ললৈ প্ৰেৰণ কৰিব লাগেঃ মুখ খুলিলে বিজেপি বিধায়ক অমিয় ভূঞাই

নিউজ ডেস্কঃ ভাৱী স্বামীৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই।

উল্লেখ্য যে, মাজুলীত কাৰ্যৰত হৈ থকা সময়ত এইগৰাকীক বিধায়ককে ফোনত ধমক দি চৰ্চা লাভ কৰিছিল এছআই জোনমণি ৰাভাই।

কিন্তু এতিয়া নিজেই প্ৰৱঞ্চনাৰ গোচৰত সাঙোৰ খাই পৰাৰ পিছত তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিধায়ক অমিয় ভূঞা।

পাকে প্ৰকাৰে জোনমণি ৰাভাক জে’ললৈ প্ৰেৰণ কৰিব লাগে বুলি মন্তব্য কৰি বিজেপি বিধায়কগৰাকীয়ে কয় যে তেওঁ জ্যেষ্ঠসকলৰহে নীতিশিক্ষা গ্ৰহণ কৰিব। আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ স্থান চিনি লোৱা উচিত বুলিও মন্তব্য কৰে অমিয় ভূঞাই।

বিধায়কগৰাকীয়ে কয়, ‘তেওঁৰ ব্যক্তিগত, সামাজিক আৰু শৈক্ষিক জীৱন কি আৰু মোৰ সামাজিক আৰু শৈক্ষিক জীৱন কি সেয়া চালে তেওঁ কি আৰু আমি কি সেয়া গম পাব। আমি ৰাইজৰ প্ৰতি দায়বদ্ধ।

দুৰ্নীতিৰ প্ৰতি বিজেপি চৰকাৰ শূণ্য সহনশীল বুলি মন্তব্য কৰি বিধায়ক অমিয় ভূঞাই পুনৰ কয় যে অসমৰ ৰাইজে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধেই বিজেপিক ভোট দিছিল। এতিয়া যেনেকৈ কোনো আইপিএছ বিষয়া, এপিএছচিৰ চেয়াৰমেন আজি জে’লত আছে, তেনেকুৱা স্থানলৈকে জোনমণি ৰাভাকো প্ৰেৰণ কৰিব লাগে বুলি মন্তব্য কৰে অমিয় ভূঞাই।

Leave a Comment