ৰাষ্ট্ৰীয়অসমীয়া

জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত ৰাষ্ট্ৰপতি- প্ৰধানমন্ত্ৰীৰ গভীৰ শােক প্ৰকাশ

বিপিন ৰাৱাট দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ

নিউজ ডেস্ক। তামিলনাডুৰ কুনুৰৰ সমীপত বুধবাৰে দুপৰীয়া সংঘটিত শােকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় তিনি সেনা বাহিনীৰ মুৰব্বী চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে।

FGFy-Xn-HVg-AQOvb3

তেওঁৰ লগতে সহ ধৰ্মিণী মধুলিকা ৰাৱাট তথা হেলিকপ্টাৰখন থকা অন্য ১১ জন সৈন্য কৰ্মীয়ও এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয়।

FGEs3-Yz-UUAESY-D

দেশৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হােৱা এই দুৰ্ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে।

ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দে বিপিন ৰাৱাটৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মােদীয়েও বিপিন ৰাৱাটৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়, ”জেনেৰেল বিপিন ৰাৱাট এজন উৎকৃষ্ট সৈনিক আছিল। এজন প্ৰকৃত দেশপ্ৰেমী, তেওঁ আমাৰ সশস্ত্ৰ বাহিনী আৰু সুৰক্ষা সঁজুলিৰ আধুনিকীকৰণত যথেষ্ট অৰিহণা যোগাইছিল। কৌশলগত বিষয়ত তেওঁৰ অন্তৰ্দৃষ্টি আৰু দৃষ্টিভংগী ব্যতিক্ৰমী আছিল। তেওঁৰ মৃত্যুৱে মোক গভীৰভাৱে দুঃখিত কৰিছে। ওম শান্তি।”

লগতে চাওকঃ

ভাৰতৰ চীফ অব্ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ হেলিকপ্টাৰৰ দুৰ্ঘটনাত মৃত্যু, পত্নীসহ ১৩ জন লােকে হেৰুৱালে প্ৰাণ

Leave a Reply

Your email address will not be published. Required fields are marked *