জুবিন বনাম দ্বীপেন বৰুৱা সংগীত বিতৰ্ক! ৱাশ্বিংটনৰ পৰাই কি ক’লে জুবিন গাৰ্গে…

নিউজ ডেস্কঃ শেহতীয়াকৈ ৰাজ্যৰ দুটি চৰ্চিত নাম হৈ পৰিছে সংগীতশিল্পী দ্বীপেন বৰুৱা আৰু জুবিন গাৰ্গ।

ড০ বেজবৰুৱা-২ৰ গীত মুক্তিৰ পিছতে ছবিখনত দ্বীপেন বৰুৱাৰ গীত ভুলকৈ গোৱাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱাই।

তেওঁৰ গীত জুবিন গাৰ্গে ভুলকৈ গোৱাক লৈ দ্বীপেন বৰুৱাই আক্ষেপ ব্যক্ত কৰাৰ পিছতেই যেন দুটা ভাগত বিভক্ত হৈ পৰিছিল সংগীত জগতখন।

একাংশই কালজয়ী কণ্ঠশিল্পী দ্বীপেন বৰুৱাক কটু সমালোচনা কৰাৰ বিপৰীতে আন একাংশৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।

কিন্তু এতিয়া এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খোদ জুবিন গাৰ্গে।

কাটাৰত ফুটবল বিশ্বকাপ উপভোগ কৰাৰ পিছত বৰ্তমান ৱাশ্বিংটন ডিচিত থকা জুবিন গাৰ্গে তাৰ পৰাই সাংবাদিকৰ সন্মুখত ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া।

এই সমস্ত বিতৰ্কক লৈ খেদ ব্যক্ত কৰি জুবিন গাৰ্গে কয় যে বিষয়টো ড০ বেজবৰুৱাৰ প্ৰযোজকেহে ভালদৰে জানিব। কিয়নো তেওঁক প্ৰযোজকে পুৰণি গীত কেইটা নতুনকৈ বনাবলৈ দিছিল।

সংগীত পৰিচালক হিচাপে তেওঁ সেয়াই কাম কৰিছে বুলি উল্লেখ কৰি জুবিন গাৰ্গে কয়, ‘মই চাৰিটা গানহে কৰিছো। মোক কৰিব দিছে যেতিয়া মইতো নিজৰ মতেই কৰিম।’

আনহাতে দ্বীপেন বৰুৱাই তেওঁক কি কথাত বেয়া পাইছে সেয়া অসমলৈ উভতি অহাৰ পিছত কথা পাতিব বুলিও মন্তব্য কৰে জুবিন গাৰ্গে।

তেওঁ কয়, ‘দ্বীপেন বৰুৱাই মোক কি কথাত বেয়া পাইছে মই নাজানো। মই গৈ কথা পাতিব লাগিব।’

আনহাতে দ্বীপেন বৰুৱাক প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী কিশোৰ কুমাৰৰ সৈতে তুলনা কৰি তেওঁক সন্মান কৰিবলৈ অনুৰাগীসকলক আহ্বান জনায় জুবিন গাৰ্গে।