জীৱন সংগ্ৰাম! ৰে’লৰ ভিতৰত চকলেট বিক্ৰী কৰি জীৱন নিৰ্বাহ এগৰাকী বৃদ্ধাৰ, ভাইৰেল ভিডিঅ’ই আবেগিক কৰি তুলিছে সকলোকে

নিউজ ডেস্কঃ সংগ্ৰামেই পূৰ্ণ জীৱন। এই পৃথিৱীত কোনো বস্তুৱেই সহজতে লাভ নহয়। কষ্টেৰে উপাৰ্জন কৰা ভাতমুঠিৰো আছে অনন্য তৃপ্তি। সেয়ে জীৱনৰ ভাটি বেলাও ৰে’লৰ ভিতৰত চকলেট বিক্ৰী কৰি জীৱনক পূৰ্ণতা প্ৰদান কৰিছে এগৰাকী বৃদ্ধাই।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ মুম্বাইৰ এখন ৰে’লৰ ট্ৰেইনৰ ভিতৰৰ এটা ভিডিঅ’। য’ত এগৰাকী বৃদ্ধাই হাতত থকা চকলেট আৰু অন্য খাদ্য সামগ্ৰী ৰে’ল যাত্ৰীসকলক বিক্ৰীৰ চেষ্টা চলাই থকা দেখা গৈছে।

অশীতিপৰ বৃদ্ধাগৰাকীৰ জীৱন সংগ্ৰামৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ভাবুক হৈ পৰিছে নেট দুনীয়া। বৃদ্ধাগৰাকীৰ অদম্য শক্তিক প্ৰশংসাৰে উপচাই পেলাইছে নেট ব্যৱহাৰকাৰীয়ে।

আনহাতে ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত চলি থকা ‘মনা কি মুষ্কিল হ্যে চফৰ পৰ চুন ও মুছাফিৰ’ গীতটোৱেও অধিক হৃদয়স্পৰ্শী কৰি তুলিছে বৃদ্ধা গৰাকীৰ জীৱন কাহিনী।