অসমঅসমীয়া

জীয়াঢল নদীত সন্ধানহীন হৈ থকা ৩ জন লােকৰ এজনৰ মৃতদেহ উদ্ধাৰ

ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জীয়াঢল নদীত সােমবাৰে সন্ধানহীন হৈ থকা ৩ জন যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী বাহিনীয়ে।

উল্লেখ্য যে সােমবাৰে ধেমাজিৰ চকুলো জীয়াঢল নদীৰ পানীয়ে উটুৱাই নিয়ে তিনিজন যুৱকক।

মংগলবাৰে পুৱা বিনেশ্বৰ মিলি নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

এনডিআৰএফ আৰু স্থানীয় জাতীয় সংগঠন টিএমপিকেৰ সহযোগত দিনৰ প্ৰায় ১১ বজাত উদ্ধাৰ হয় মৃতদেহটো।

কিন্তু বৰ্তমানেও নিখোজ হৈ আছে আন দুজন লোক।

জানিব পৰা মতে, উওৰ ধেমাজি পঞ্চায়তৰ আদিকলীয়া গাঁৱৰ আঠজন লোকে সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ পৰা উভতি আহোতে বাঁহেৰে তৈয়াৰ কৰা মেলেঙত নদী পাৰ হ’ব খুজুতে হঠাৎ অৰুণাচলৰ আৱৰ পাহাৰৰ পৰা বাঢ়ি অহা জীয়াঢল নদীৰ পানীয়ে জীয়াঢল মুখত নিৰ্মীয়মান অৱস্থাৰ পকী দলংৰ এটাৰ খুঁটাত লাগি মেলংখন ভাঙি পৰে।

মেলেং খনত থকা ৮ জন লোকৰ ভিতৰত ৩ জনে সাতুঁৰি প্ৰাণ ৰক্ষা কৰে আৰু ইয়াৰে আন দুজনে দলংৰ খুটাত ধৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

বাকী ৩ জনক জীয়াঢল নদীৰ পানী সোতে উটুৱাই নিয়ে ৷

সন্ধানহীন হৈ থকা  তিনিজন লোকৰ দুজন প্ৰদীপ নৰহ আৰু  শৈল্যৰাম পায়েঙক এতিয়াও কােনাে তথ্য লাভ কৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *