অসম

উপ-নিৰ্বাচনঃ মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কংগ্ৰেছৰ…

উপ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা।

গোসাইগাঁও, থাওৰা আৰু তামুলপুৰৰ পিছত মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে।

৪১ নং ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব শৈলেন্দ্ৰ নাথ দাসে।

১০১ নং মৰিয়নী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব লুহিত কোঁৱৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মঙলবাৰে ৰাতিপুৱাৰ ভাগত কংগ্ৰেছ দলে আন তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।

সেই অনুসৰি গোসাইগাঁও সমষ্টিত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

DNnMtQz

উল্লেখ্য যে, ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ উপ নিৰ্বাচন।

ইতিমধ্যে, আন আন ৰাজনৈতিক দলসমূহেও উপ নিৰ্বাচনৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম।

থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব সুশান্ত বৰগোহাঁই, মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আৰু ভবানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব ফণীধৰ তালুকদাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *