ৰাষ্ট্ৰীয়

জল্পনা কল্পনাৰ অন্তঃ কংগ্ৰেছত যোগদান কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীৰ…

অৱশেষত অন্ত পৰিল সকলো জল্পনা কল্পনাৰ।

কংগ্ৰেছ দলত যোগদান কৰিলে কানহাইয়া কুমাৰ আৰু জিগনেশ মেৱানীয়ে।

ৰাহুল গান্ধীৰ উপস্থিতিত দিল্লীস্থিত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত দলটোত যোগ দিয়ে দুয়োজন যুৱ নেতাই।

কানহাইয়া কুমাপৃৰ জে এন ইউৰ প্ৰাক্তন সভাপতি হোৱাৰ বিপৰীতে মেৱানী হৈছে দলিত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ উপৰি তেওঁ গুজৰাটৰ এগৰাকী নিৰ্দলীয় বিধায়ক।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কানহাইয়াই চি পি আই দলত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও বিজেপিৰ গিৰিৰাজ সিঙৰ হাতত পৰাস্ত হৈছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাই থকা বাতৰি অনুসৰি নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *