জম্মু-কাশ্মীৰত সেনা শিৱিৰত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণ, ৩ জোৱান শ্বহীদ, নিহত ২ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰৰ ৰাজৌৰীত বৃহস্পতিবাৰে পুৱতি নিশা সেনা শিৱিৰত সন্ত্ৰাসবাদীয়ে কৰা আত্মঘাতী আক্ৰমণত ৩ জোৱান শ্বহীদ হোৱাৰ লগতে নিহত হয় ২ সন্ত্ৰাসবাদী।

সেনাই সদৰী কৰা মতে, ৰাজৌৰীৰ পৰাগলৰ সেনা ছাউনীত ২ সন্ত্ৰাসবাদীয়ে গোপনে প্ৰৱেশ কৰাৰ চেষ্টা চলাই আত্মঘাতী আক্ৰমণ সংঘটিত কৰে। ইফালে এই ঘটনাৰ পিছতে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত দুয়োজন সন্ত্ৰাসবাদী নিহত হয়।

অন্যহাতে সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী সেনা বিষয়াসহ ৫ জোৱান গুৰুতৰভাৱে আহত হোৱাত তেওঁলোকক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে ৩ জনক মৃত ঘোষণা কৰে।

এই আক্ৰমণৰ আঁৰত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবা জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনাৰ পিছতে অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা আৰু আৰক্ষীয়ে।